অৰুণাচল টাৱাঙত এতিয়া দিনে নিশাই ঘন কুঁৱলীৰ মাজত ভাৰতীয় সেনাৰ যুদ্ধৰ আখৰা চলি আছে। নতুনকৈ ভাৰতীয় সেনাৰ এটা এয়াৰ স্পেছ কন্ট্ৰল চেণ্টাৰ সাজু কৰি তোলা হৈছে।
অৰুণাচল সীমান্তত পিনাকা মাল্টিপল ৰকেট লাঞ্চাৰ মোতায়েন কৰা হৈছে। অত্যাধিক প্ৰযুক্তিৰে তৈয়াৰী পিনাকা ৰকেট লাঞ্চাৰৰ জৰিয়তে ৪৪ ছেকেণ্ডত ৭২ টা ৰকেট নিক্ষেপ কৰিব পাৰিব।
অত্যাধুনিক L70 গানৰ সৈতে অৰুণাচল সীমান্তত এইবাৰ মহিলা সেনা বিষয়া মোতায়েন কৰা হৈছে।
ভাৰত চীনৰ বুজা পৰা চুক্তিৰ বিফলতাৰ পিছতেই ভাৰত চীন সীমান্তৰ পৰিস্থিতি ক্ৰমাৎ গহীন হৈ পৰিছে। লাডাখত চীনা সৈন্যৰ পয়োভৰ বাঢ়িছে। অৰুনাচলৰ সীমান্তৰ ভিতৰলৈকে চীনে পকী পথ সাজু কৰি তুলিছে। আনহাতে হিমাচলত অটল সুৰংগ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে। সুৰংগটো সম্পূৰ্ণ হৈ উঠিলেই ভাৰতীয় সেনা বাহিনীয়ে কম সময়ৰ ভিতৰতে দুৰ্গম বাট অতিক্ৰম কৰিব পাৰিব।
অত্যাধিক ৰাফেল বিমানকে ধৰি মাৰণাস্ত্ৰয়ে ভাৰত সুসজ্জিত হৈ থাকিলেও চীনৰ দৰে উন্নত প্ৰযুক্তিৰ দেশৰ সৈতে এই যুদ্ধ সহজ নহ’ব।
ভোকাতুৰ তালিকাত ১০১ নম্বৰ স্থানত থকা ভাৰতৰ যুদ্ধৰ পিছৰ ভয়াবহতাৰ কথা চিন্তা কৰি মানুহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বৰ্তমান কভিদ পৰিস্থিতিৰ ফলত অস্বাভাৱিক মূল্য বৃদ্ধিয়ে দেশৰ সাধাৰণ জনগণৰ জীৱন কষ্টকৰ কৰি তুলিছে। এনে সময়ত যুদ্ধৰ পৰিৱেশৰ সৃষ্টি হ’লে ভাৰতৰ সাধাৰণ লোকসকল অকাল দূৰ্ভিক্ষত জীৱন হেৰুৱাব লাগিব।
১৯৬২ চনৰ চীন ভাৰতৰ যুদ্ধৰ সময়ত মাকুমলৈকে সোমাই অহা চীনা সৈন্যৰ বিভীষিকা, যুদ্ধৰ পৰিস্থিতি আমাৰ অসমৰ ৰাইজে অনুভৱ কৰিছে। তেনে বিশৃংখল পৰিৱেশ কল্পনা কৰাৰ সাহস সাধাৰণ ৰাইজৰ নাই।
ইয়াৰ উপৰিও অৰ্থনৈতিক সংকটত ভোগা ভাৰতৰ বাবে এই মুহূৰ্তত যুদ্ধ কেতিয়াও ফলদায়ী হ’ব নোৱাৰে। কিন্তু চীনা সৈন্যই সন্মুখৰ পৰা আক্ৰমণ কৰিলে প্ৰতিহত কৰিব পৰাকৈ ভাৰতীয় সৈন্য সদায় সাজু।