মুম্বাই স্থিত ইন্টাৰনেচনেল ইনষ্টিটিউট ফৰ পপুলেশ্যন ষ্টাডিজৰ শেহতীয়া প্ৰতিবেদন অনুসৰি কভিদ ১৯ ৰ মাৰাত্মক প্ৰভাৱত মানুহৰ গড় আয়ুস ২ বছৰলৈ হ্ৰাস পাইছে।
মানৱ জীৱনত ত্ৰাস সৃষ্টিকাৰী কভিদৰ ফলত ৩৯ বছৰৰ পৰা ৬৯ বছৰৰ ভিতৰৰ লোক অধিক ক্ষতিগ্ৰস্ত হৈছে। মৃত্যুৰ হাৰ বৃদ্ধি পাইছে।
আনহাতে কভিদৰ কালছোৱাত জন্ম লাভ কৰা শিশুৰো দুবছৰলৈ গড় আয়ুস হ্ৰাস পাব বুলি প্ৰতিবেদনৰ উল্লেখ কৰে।
কভিদৰ তৃতীয় ঢৌৱে অনাগত সময়ত মানৱ জীৱনত কি প্ৰভাৱ পেলাব সেয়া লক্ষ্যনীয় হ’ব।