সৃষ্টিশীল মানুহৰ মনৰ ভাৱ প্ৰকাশৰ গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে চিত্ৰকলাৰ মানৱ সমাজত গুৰুত্ব আৰু বিভিন্ন সময়ত চিত্ৰকলা আৰু চিত্ৰশিল্পী সকলে সমাজ ,প্ৰকৃতি আৰু মানৱ জীৱনত পেলোৱা প্ৰভাৱক সন্মান জনাই বিশ্ব জুৰি এই দিনটো চিত্ৰশিল্পী সকলৰ নামত পালন কৰা হয়।
কানাডাৰ চিত্ৰশিল্পী খ্ৰীছ মেকল্যুৰে ২০১৪ চনত চিত্ৰশিল্পী সকলৰ কষ্ট আৰু ত্যাগক সন্মান জনাই এই দিনটো প্ৰথম বাৰৰ বাবে উদযাপন কৰে।
আকৌ বিশ্ববিশ্ৰুত তথা জনপ্ৰিয় চিত্ৰশিল্পী পাবল’ পিকাচুৰ জন্ম আজিৰ দিনটোতেই হোৱা বাবে চিত্ৰশিল্পী গৰাকীৰ জন্মৰ দিনটোও সমগ্ৰ বিশ্বই এনেদৰে উদযাপন কৰে।