জম্মুৰ বাসিন্দাসকলৰ প্ৰতি কৰি অহা অন্যায়ৰ অন্ত পৰিল। এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ২০১৯ চনত৩৭০ অনুচ্ছেদ প্ৰত্যহাৰ কৰা পাছত প্ৰথমবাৰৰ বাবে জম্মুত এখন ৰাজহুৱা সভা সম্বোধন কৰি দেওবাৰে কেন্দ্রীয় গৃহমন্ত্ৰী গৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে জম্মু আৰু কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে নির্মূল হোৱাৰ লগতে সমগ্ৰ অঞ্চলটোৰ উন্নয়ন বিচাৰে। এই প্ৰসংগত তেওঁ কয় “বছৰ বছৰ ধৰি জম্মু-কাশ্মীৰৰ লোকসকল বৈষম্যৰ বলি হৈ আহিছে। এতিয়া আৰু কোনেও আপোনালোকৰ প্ৰতি অন্যায় কৰিব নোৱাৰিব। দেশৰ আন প্ৰান্তৰ সমানে জম্মু-কাশ্মীৰৰ উন্নয়ন হ’ব। ইয়াৰ জৰিয়তে এই অঞ্চলৰ লগতে সমগ্ৰ দেশ প্ৰগতিৰ পথত আগবাঢ়ি যাব।” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জম্মু আৰু কাশ্মীৰত উন্নয়ন আৰম্ভ হোৱাৰ সময়তে একাংশ অসাধু শক্তিয়ে ইয়াত বাধাৰ সৃষ্টি কৰিবলৈ কৰা চেষ্টা কেতিয়াও সফল নহ’ব বুলি উল্লেখ কৰি শ্বাহে কয় যে কোনেও যাতে ইয়াৰ শান্তি আৰু প্ৰগতিত ব্যাঘাত জন্মাব নোৱাৰে , সেয়া নিশ্চিত কৰাৰ বাবেই তেও জম্মুলৈ আহিছে। তেওঁ লগতে কয় ” এয়া মাতা বৈষ্ণুদেবীৰ পবিত্র ভূমি। শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে বালিদান দিয়া ভূমি। আমি জম্মু আৰু কাশ্মীৰৰ শান্তিত কাকো ব্যাঘাত জন্মাবলৈ নিদিওঁ। যিসসকল এই শান্তি প্রক্রিয়াত ব্যাঘাত জন্মবলৈ চেষ্টা কৰিব তেওঁলোকক কেতিয়াও এৰি দিয়া নহ’ব। আমি ইয়াত এনে এক পৰিবেশৰ সৃষ্টি কৰিব বিচাৰো যত কোনো এজন নিৰ্দোষী আৰু নাগৰিকে প্ৰাণ বিসৰ্জন দিবলগীয়া নহয়।” উল্লেখযোগ্য যে তিনিদিনীয়া ভ্ৰমণসূচীৰে যোৱা শণিবাৰে গৃহমন্ত্ৰী গৰাকী জম্মু আৰু কাশ্মীৰত উপস্থিত হৈছিল। কালি তেওঁ জম্মুৰ নিকটৱৰ্তী জাগতিত থকা আই আই টি চৌহদত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভনি কৰে। শেহতীয়াকৈ জম্মুত কেইবাজনো নাগৰিকক সন্ত্ৰাসবাদীয়ে গুলিয়াই হত্যা কৰাক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়া সন্দৰ্ভত তেওঁ কয়” মই ইয়াৰ তথ্য সহকাৰে উত্তৰ দিব বিচাৰিছোঁ। ইউ পি এৰ শাসনকালত ২০০৪ চনৰ পৰা ২০১৪ চনলৈ ২,০৮১ জন লোকে সন্ত্ৰসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে। অৰ্থাৎ প্ৰতিবছৰে ২০৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ তুলনাত ২০১৪ চনৰ পৰা যোৱা ছেপ্টেম্বৰ মাহলৈ ২৩৯ জন লোকে প্ৰাণ হেৰুৱাইছে। কিন্তু আমি সন্তুষ্ট নহয়। এজন লোকেও যাতে সন্ত্ৰাসবাদৰ বলি হ’ব নালাগে আমি তেনেকুৱা এক পৰিবেশ গঢ়িব বিচাৰোঁ।”