অসমত কভিদ আক্ৰান্তৰ হাৰ পূজাৰ পিছৰে পৰা পুনৰ বৃদ্ধি পাইছে। প্ৰতিদিনে ৩০০ ৰ ওপৰত আক্ৰান্তৰ হাৰে সকলোকে শংকাত পেলাইছে।
কালিৰ দিনটোত কভিদ আক্ৰান্তৰ সংখ্যা ৩২৬ জন। ইয়াৰে ১০৪ জন কামৰূপ মহানগৰ জিলাৰ। কালিৰ দিনটোত ৫০,২৫৩ টা পৰীক্ষা সম্পন্ন হোৱাৰ বিপৰীতে আক্ৰান্তৰ হাৰ হৈছে ০.৬৫% ।
এতিয়াও কভিদত আক্ৰান্তৰ মৃত্যু হৈ আছে। কালিৰ দিনটোত ৫ জনৰ মৃত্যু হয়।
আগন্তুক উপনিৰ্বাচনৰ পিছতহে কভিদ পৰিস্থিতিয়ে কি ৰূপ লয় সেয়া জানিব পৰা হ’ব। অসমত লক ডাউন নহয় বুলি মুখ্যমন্ত্ৰীজনে স্পষ্টকৈ উল্লেখ কৰিছে যদিও সেই কথা সময়ৰ ভয়াবহতাই নিশ্চিত কৰিব।