কালি নতুন দিল্লী স্থিত বিজ্ঞান ভৱনত ৬৭ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয়। এইবাৰ দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছে চুপাৰষ্টাৰ ৰজনীকান্তে। আনহাতে মণিকৰ্ণিকা আৰু পংগা চিনেমা দুখনত কৰা অভিনয়ৰ বাবে অভিনেত্ৰী কংগনা ৰানাৱতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।
আনাহাতে অভিনেতা ধনুশ আৰু মনোজ বাজপেয়ীয়ে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে।
এইবাৰ মালায়লম কথাছবি মাৰাক্কাৰে শ্ৰেষ্ঠ ছবিৰ খিতাপ অৰ্জন কৰে। আনহাতে An engineered dream শীৰ্ষক কথাছবিখনে স্বৰ্ণ কমল বঁটা লাভ কৰে আৰু মাৰাঠী ছবি খিছাই ৰজত কমল বঁটা লাভ কৰে।
ভাৰতৰ উপৰাষ্ট্ৰপতি ভেংকয়া নাইডুৱে সভাত অংশগ্ৰহণ কৰি বঁটাসমূহ প্ৰদান কৰে।