ভাৰতৰ ইতিহাসত সোণালী আখৰেৰে খোদিত হৈ ৰ’ল আজিৰ দিনটো কাৰণ ১৯৪৭ চনত ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ পাছত পাকিস্তানী সৈন্যই কাশ্মীৰ আক্ৰমণ কৰাত জম্মু কাশ্মীৰৰ হিন্দু ৰজা হৰি সিঙে ভাৰতৰ লগত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু আজিৰ দিনটোতে জম্মু আৰু কাশ্মীৰ ভাৰতৰ স’তে সংলগ্ন হয়।ভাৰতৰ ভৌগলিক স্বৰুপ নিৰ্ধাৰণৰ ক্ষেত্ৰত আজিৰ দিনটোৰ গুৰুত্ব অপৰিসীম৷
আনহাতে ১৯৩৪চনৰ আজিৰ দিনটোত ‘অখিল ভাৰতীয় কূটিৰ উদ্যোগ সংঘ’ৰ স্থাপন হয় যাৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব আছিল মহামানৱ মহাত্মা গান্ধীৰ ৷
আনফালে ১৯৫০ চনৰ ২৬ অক্টোবৰত বিশ্ববৰেণ্য তথা সকলোৰে প্ৰিয় ব্যক্তিত্ব মাদাৰ টেৰেছাই কলিকতাত ‘চেৰিটি মিছন’ আৰম্ভ কৰে।
আজিৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষৰ ইতিহাসত সোণালী আখৰেৰে লিখা ৰ’ব৷