ৰাজ্যৰ ক’ভিড পৰিস্থিতি আৰু ভেকচিন প্ৰদান প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকাশ কৰা হৈছে নতুন এছ অ’ পি। সেই অনুসৰি নিশা ১০ বজালৈ বৃদ্ধি কৰা হৈছে দোকান পোহৰ খোলাৰ সময়। আনহাতে পূৰ্বতকৈ হ্রাস কৰা হৈছে কাৰ্ফিউৰ সময়। এতিয়াৰে পৰা নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ অব্যাহত থাকিব কাৰ্ফিউ। সেইদৰে নিশা ১০ বজাপর্যন্ত ধাবা ,ৰেষ্টুৰেণ্ট আদিত বহি খাদ্য গ্ৰহণ কৰিব পাৰিব। অৱশ্যে ৫০ শতাংশ গ্ৰাহককহে এটা সময়ত বহি খাদ্য গ্ৰহণৰ অনুমতি প্ৰদান কৰা হৈছে ধাবা অথবা ৰেষ্টুৰেণ্ট সমূহত। ৰাজহুৱা পৰিবহন ব্যবস্থাত কঠোৰ ভাৱে মানি চলিব লাগিব ক’ভিড সম্পৰ্কীয় নীতি নিৰ্দেশনা। শেষকৃত্য অনুষ্ঠানত সর্বাধিক ৫০ জন লোক উপস্থিত থাকিব পাৰিব। বিবাহ আৰু ধৰ্মীয় অনুষ্ঠানত সৰ্বাধিক ৫০ জন লোক সমবেত হ’ব পাৰিব। খ্যাতনামা ধৰ্মীয় স্থানত প্ৰতি ঘণ্টাত সৰ্বাধিক ৬০ জন লোকক দৰ্শনৰ অনুমতি দিয়া হৈছে। আন ধর্মীয় স্থানত প্ৰতি ঘণ্টাত সৰ্বাধিক ৪০ জন দৰ্শনাৰ্থী সমবেত হ’ব পাৰিব। এই দুয়ো ক্ষেত্ৰতে দর্শনাৰ্থীসকলে সম্পুৰ্ণৰূপে ভেকচিন ল’ব লাগিব।এসপ্তাহৰ ভিতৰত যদি কোনো অঞ্চলত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ১০জনৰ অধিক হয় তেনেহলে সেই অঞ্চলতো জিলা উপায়ুক্তই কন্তেইনমেণ্ট জ’ন ঘোষণা কৰিব পাৰিব।