দেশৰ ৰাজনৈতিক ক্ষেত্রখনত ব্যাপক প্ৰভাৱ পেলাই অহা উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে বিজেপি। পুনৰ ৰাজ্য খনৰ ক্ষমতাৰ গাদী দখল কৰিবলৈ উঠি পৰি লাগিছে গেৰুৱা দলটো। বিশেষকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ প্ৰদেশৰ নির্বাচনক লৈ পৰিকল্পনা ইতিমধ্যে আৰম্ভ কৰিছে। নিৰ্বাচনী পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যেৰে অহা ২৯ অক্টোবৰত শ্বাহ উপস্থিত হ’ব উত্তৰ প্ৰদেশত। বিজেপিৰ মেগা সদস্য ভৰ্তি অভিযান মুকলি কৰাৰ লগতে দলীয় বিষয়-ববীয়াৰ সৈতে বৈঠকত মিলিত হ’ব মন্ত্ৰীগৰাকী। ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি এইবাৰ বিধানসভা নিৰ্বাচনত ভোটাৰৰ ৰোষৰ বলি হোৱা বিধায়কসকলে নাপাব টিকট। এক তৃতীয়াংশ বিধায়কৰ টিকট কটা যাব এইবাৰ নিৰ্বাচনত। অৰ্থাৎ প্ৰায় ১০০ জন বিধায়কে নাপাব টিকট। এই বিধায়ক সকলৰ ভিতৰত আছে ২০১৭ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আন দলৰ পৰা আহি বিজেপিত যোগদান কৰে একাংশ বিধায়কো আছে। উত্তৰ প্ৰদেশত এনিশা কাটাবলগীয়া শ্বাহে বৰ্তমান সাংগঠনিক ভেটি কিমান শক্তিশালী হৈছে সেয়াও বুজ ল’ব।মেগা সদস্য ভৰ্তি অভিযানৰ জৰিয়তে নতুনকৈ ১.৫ কোটি সদস্য ভৰ্তি কৰাবলৈ লক্ষ্য বান্ধি লৈছে। ইতিমধ্যে দলটোৱে প্রকাশ কৰা এটা বিশেষ নম্বৰত মিছকল দি সদস্য ভৰ্তি অভিযান অব্যাহত ৰখা হৈছে। সম্প্ৰতি ৰাজ্যখনত থকা বিজেপিৰ সদস্য সংখ্যা হৈছে ২.৩কোটি। দলৰ জ্যেষ্ঠ নেতাসকলে বিধায়কসকলৰ প্রদর্শন সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰিছে।