অভিনয় দক্ষতাৰে হিন্দী ছবি উদ্যোগত সুকীয়া পৰিচয় লাভ কৰিছিল প্ৰয়াত অভিনেতা ইৰফান খানে। অকালতে আমাৰ মাজৰ পৰা গুচি যোৱা অভিনেতাগৰাকীয়ে অভিনয় কৰি যোৱা ছবিয়ে আজিও আপ্লুত কৰি ৰাখিছে লাখ লাখ অনুৰাগীক। এইগৰাকী প্ৰসিদ্ধ অভিনেতাই পুনৰ নিৰ্মাণ কৰিবলৈ বিচাৰিছিল এখন বাঙালী ছবি। ‘এণ্ট ষ্টৰী’ নামৰ ছবিখন ইৰফান খানে ‘পিপৰাবিদ্যা’ নামেৰে বাঙালী ভাষাত নিৰ্মাণ কৰিছিল। এই ছবিখন তেওঁ হিন্দী ভাষাত নিৰ্মাণ কৰিব বিচাৰিছিল। ইয়াৰ বাবে যাবতীয় ধন প্ৰদান কৰি অনুমতি লাভ কৰিছিল। কিন্তু তেওঁৰ বিয়োগৰ লগে লগে এই আশাও পূৰ্ণ নহ’ল। প্ৰয়াত অভিনেতা গৰাকীৰ এই ইচ্ছাৰ কথা প্ৰকাশ কৰিছে ছবি নিৰ্মাতা মোস্তাফা ফাৰুকীয়ে। এটা ৱেব প’ৰ্টেলত দিয়া সাক্ষাৎকাৰত মোস্তাফা ফাৰুকীয়ে প্ৰকাশ কৰা অনুসৰি আন কামত ব্যস্ত হৈ থকাৰ বাবে যাবতীয় অনুমতি লাভ কৰা পিছতো এই ছবিৰ কাম আৰম্ভ কৰিব পৰা নাছিল। অভিনেতা গৰাকীৰ অকাল বিয়োগ সমগ্ৰ ছবি উদ্যোগৰ বাবে এক বৃহৎ ক্ষতি বুলি উল্লেখ কৰি মোস্তাফা ফাৰুকীয়ে কয় যে কেৱল এজন ভাল অভিনেতাই নহয়, প্ৰকৃতাৰ্থত এজন ভাল মানুহক ছবি উদ্যোগে হেৰুৱালে।