কালি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্যই আয়ুস্মান ভাৰত আন্তঃগাঁথনি অভিযানৰ অধীনত অচিৰেই এছিয়াৰ ভিতৰত প্ৰথমবাৰৰ বাবে দুখন কণ্টেইনাৰ যুক্ত মোবাইল হস্পিতাল মুকলি কৰা হ’ব বুলি ঘোষণা কৰে।
দিল্লী আৰু চেন্নাইত মুকলি কৰিবলগীয়া ১০০ খন বিচনাযুক্ত মোবাইল হস্পিতাল দুখনে আপাতকালীন পৰিস্থিতিত জনসাধাৰণৰ সুবিধাৰ অৰ্থে সেই স্থানত উপস্থিত হৈ সেৱা আগবঢ়াব পাৰিব।
কণ্টেইনাৰযুক্ত মোবাইল হস্পিতালৰ সেৱা অনাগত সময়ত হয়তো প্ৰতি অঞ্চলত লাভ কৰিব। চৰকাৰৰ এই পদক্ষেপ শলাগ ল’বলগীয়া।