অসমত চলা আৰক্ষীৰ ধাৰাবাহিক এনকাউন্টাৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা (স্বা:) ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই। অসম আৰক্ষীৰ বিৰুদ্ধে বিষেদ্গাৰ প্ৰকাশ কৰি সেনাধ্যক্ষ বৰুৱাই কয় যে এই ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি হৈ থাকিলে আলফাই আৰক্ষীক প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ’ব।
“নীতিগতভাৱে আলফাই আৰক্ষীৰ ওপৰত আক্ৰমণ নচোলোৱাৰ সিদ্ধান্ত লৈ থৈছে। কিন্তু আৰক্ষীয়ে আলফা সদস্যক গুলীয়াই ভূৱা সংঘৰ্ষৰ নাটক কৰিলে আলফাই হাত সাৱটি বহি নাথাকে,“ বৰুৱাই এটা টি ভি চেনেলক জনায়।
কিছুদিন পূৰ্বে শিৱসাগৰ আৰক্ষীৰ গুলীত আহত হৈছিল আলফা (স্বা:) ৰ কেডাৰ ভূপেন বৰুৱা আৰু এই গুলীচালনাৰ ঘটনাৰ পিছতে এনেদৰে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
অসমত চলা আৰক্ষীৰ ধাৰাবাহিক এনকাউন্টাৰ ঘটনাই এই শান্তি প্ৰক্ৰিয়াত এতিয়া ব্যাঘাত জন্মোৱাৰ সম্ভাৱনা আছে।
১৯৯১ চনৰ পৰাই সশস্ত্ৰ সংগঠন আলফা আৰু চৰকাৰৰ মাজত শান্তি আলোচনা চলি আছিল যদিও চাৰিটা দশকজুৰি চলা এই প্ৰক্ৰিয়াই বিশেষ অগ্ৰগতি লাভ কৰা নাই। অৱশেষত মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ড: হিমন্ত বিশ্ব শৰ্মাই প্ৰথমখন সংবাদ মেলত আলফা (স্বা:) ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মাজলৈ অহাৰ আহ্বান জনাইছিল আৰু পৰেশ বৰুৱাই সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই এক পক্ষীয় যুদ্ধ বিৰতি ঘোষণা কৰিছে।
এটা চেটেলাইত চেনেলৰে হোৱা কথা-বতৰাত এই “এনকাউন্টাৰ ঘটনা” গুপ্তহত্যা আখ্যা দিয়ে সেনাধ্যক্ষ গৰাকীয়ে। যিহেতু বিগত সময়ত প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰে আৰম্ভ কৰা গুপ্তহত্যাৰ বাবেই যৱনিকা পৰিছিল অসম গণ পৰিষদ চৰকাৰৰ।
পুনৰ একে পন্থা অৱলম্বন কৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকৃততে কি কৰিব বিচাৰিছে বুলিও প্ৰশ্ন তোলে সেনাধ্যক্ষ গৰাকীয়ে ।