চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে সুখবৰ । মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে বিধানসভাৰ মজিয়াত ঘোষণা কৰে যে চাহ বাগিচাৰ কৰ্মীসকলে এতিয়াৰপৰা বাগিচাত কাম কৰাৰ লগতে এম জি এনৰেগাৰ কাম কৰাৰ সুযোগ লাভ কৰিব । শ্ৰমিকসকলে এনৰেগাৰ কাম কৰিলে দৈনিক ২১৮ টকাকৈ হাজিৰা লাভ কৰিব পাৰিব বুলি বিধানসভাত সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । দৈনিক জনমভূমি কাকতৰ এক বিশেষ প্ৰতিবেদনত উল্লেখ কৰা হয় এই কথা ।
উল্লেখ্য যে এম জি এনৰেগা আঁচনিৰ অধীনত বাগিচাৰ শ্ৰমিক সকলে চোম গছ , চন্দন গছ আদি ৰূপণৰ জৰিয়তে স্বাবলম্বী হ’ব পাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় । কাকতখনত উল্লেখ কৰামতে মুখ্যমন্ত্ৰীয়ে কৰ্ম-সংস্কৃতি গঢ়ি তোলাত সকলোকে গুৰুত্ব দিবলৈ তথা ব্যস্ত হ’বলৈ আহ্বান জনায় । লগতে তেঁও কয় যে এইবাৰ বাজেটত কৰ্ম-সংস্কৃতি গঢ়ি তুলিব পৰা বহুতো দিশ স্পষ্ট হ’ব ।
মুখ্যমন্ত্ৰী শৰ্মাই এই কথাও ব্যক্ত কৰে যে প্ৰতিতো সমষ্টিত নাৰ্ছ , ড্ৰাইভাৰ , মিস্ত্ৰী আদিৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ’ব । পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক প্ৰায় ৫০০০ যুৱকক ড্ৰাইভাৰৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিয়া বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
কাকতত দিয়া প্ৰতিবেদন অনুসৰি অনাগত পাঁচ বছৰত গাখীৰ , মাছ ,গাহৰি আদিৰ জৰিয়তে অসম স্বাবলম্বী হোৱাৰ ৰূপৰেখা বাজেটত দেখিবলৈ পোৱা যাব বুলি উল্লেখ কৰে তেওঁ । আনহাতে এম জি এনৰেগাৰ ধনেৰে ৰাজহুৱা পুখুৰী খন্দাৰ কামো আৰম্ভ হ’ব বুলি উল্লেখ কৰা হয় । উল্লেখ্য যে বিধায়ক সকলক একোটা সমষ্টিক স্কীল কেপিটেল হিচাপে গঢ়ি তুলিবলৈকো আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ।
কাকতখনে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই বিধানসভাৰ ৩০১ অধিনিয়মৰ অধীনত ৰাজ্যত কৰ্ম-সংস্কৃতি গঢ়ি তোলাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈও চৰকাৰক আহ্বান জনায়।