জাপানীজ ভাষাত ‘চু’ মানে বন্দৰ আৰু ‘নামি’ শব্দৰ অৰ্থ হৈছে ঢৌ ৷চুনামি হৈছে সাগৰ তলিত হোৱা ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌৰ এক ভয়ংকৰ ৰূপ৷
বিশ্বত চুনামি সজাগতা সৃষ্টি কৰাৰ বাবে এই দিনটো উদযাপন কৰা হয়৷ ইউ এন এচেম্বলিয়ে ২০১৫ চনৰ ডিচেম্বৰত বিশ্বৰ বিভিন্ন দেশ ,আন্তঃৰাষ্ট্ৰীয় সংগঠন আদিক চুনামি সজাগতা বৃদ্ধি কৰি জনসাধাৰণক সাম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰাৰ বাবে ৫ নৱেম্বৰৰ দিনটো ‘বিশ্ব চুনামি সজাগতা দিৱস ‘ হিচাপে পালন কৰিবলৈ আহ্বান জনায়৷
৷ইউ এন ডাইজেষ্টাৰ ৰিক্স ৰিডাক্সন চমুকৈ ইউ এন ডি আৰ আৰে ইউনাইটেড নেচনৰ সহযোগিতাত ‘বিশ্ব চুনামি সজাগতা দিৱস’ পালন কৰিবলৈ সমগ্ৰ বিশ্বকে জনায়৷
প্ৰকৃতাৰ্থত এই ‘বিশ্ব চুনামি সজাগতা দিৱস’ৰ উদ্ভাৱন হৈছিল জাপানত ৷ কেইবাবাৰো চুনামিৰ কৱলত পৰি হাজাৰ হাজাৰ জীৱন অকালতে হেৰাই যোৱাৰ ফলত ভৱিষ্যতে এই বিপদৰ পৰা মানুহক কেনেকৈ ৰক্ষা কৰিব পাৰি নাইবা এই ক্ষেত্ৰত কেনেকৈ সজাগতাৰ সৃষ্টি কৰিব পাৰি তাৰ চিন্তা কৰিয়েই এই দিনটো উদযাপন কৰাৰ বাবে তেওঁলোকে সকলোকে আহ্বান জনায়৷