২০২১ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় শিশু শান্তি বঁটাৰ বাবে তালিকাভুক্ত হৈছে তিনিগৰাকী ভাৰতীয় কিশোৰ৷চূড়ান্ত বিজয়ী বাচনিৰ বাবে প্ৰস্তুত কৰা এই তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে কেৰেলাৰ মহম্মদ আচিম নামৰ এগৰাকী দিব্যাংগ কিশোৰে৷ আচিমে নিজৰ শাৰীৰিক অসুস্থতাক নিজৰ জীৱনৰ প্ৰতিবন্ধক বুলি নাভাবি নিজে আগবাঢ়ি যোৱাৰ লগতে নতুন প্ৰজন্মকো শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাবলৈ অনুৰোধ জনাইছে৷
আনহাতে দিল্লীৰ বিহান আৰু নৱ আগৰৱাল নামৰ দুই সহোদৰে উক্ত তালিকাত স্থান লাভ কৰিছে ৷ দিল্লীৰ এই দুই ভাতৃয়ে প্ৰদূষণ হ্ৰাসৰ ক্ষেত্ৰত বিশেষ ভাৱে কাম কৰি আহিছে৷