ব্ৰিটেইনত প্ৰথমবাৰৰ বাবে কভিদ প্ৰতিৰোধী এণ্টি ভাইৰেল পিল ব্যৱহাৰ কৰিবলৈ সিদ্ধান্ত লৈছে। বিশ্ব স্বাস্থ্য সংস্থাই কভিদ প্ৰতিৰোধী এই পিল ব্যৱহাৰৰ বাবে ইতিমধ্যে অনুমোদন জনাইছে।
লাগেভ্ৰিঅ’ নামৰ পিলটো ৰিডগেবেক বায়’থেৰাপিউটিকছ আৰু মাৰ্কছাক এণ্ড ধোম নামৰ সংস্থা দুটাই নিৰ্মাণ কৰি উলিয়াইছে। এণ্টি ভাইৰেল পিলটো ৰোগীৰ বাবে সম্পূৰ্ণ নিৰাপদ বুলি ইতিমধ্যে উল্লেখ কৰিছে।
অৱশ্যে কভিদ প্ৰতিৰোধী পিলটো ভেকচিনৰ বিকল্প নহয়। দুটা ভেকচিন গ্ৰহণ কৰা বাধ্যতামূলক। কিন্তু কভিদ আক্ৰান্তৰ চিকিৎসাৰ ক্ষেত্ৰত এই পিল ব্যৱহাৰ কৰি ফলাফল লাভ কৰিব পাৰিব।
কভিদৰ তৃতীয় সংক্ৰমণৰ প্ৰাকক্ষণত নতুন পিলৰ উদ্ভাৱনে সমগ্ৰ বিশ্বলৈ আশাৰ জোৱাৰ আনিছে।