উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে মঙলবাৰে অসম চৰকাৰে এই সন্দৰ্ভত এক জাননী প্ৰকাশ কৰিছে৷
বিশ্বনাথ জিলাৰ মুনাবাৰী বাগিচাৰ ৪৫২ হেক্টৰ প্ৰস্তাৱিত এলেকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্তিৰ অনুমোদন জনালে অসম চৰকাৰে৷
মুনাবাৰীৰ সেই ঘন জংঘলত উদ্যানখনৰ পৰা বিভিন্ন সময়ত বিভিন্ন কাৰণত ওলাই যোৱা বন্যপ্ৰাণীয়ে আশ্ৰয় লৈ আহিছিল৷ ২০০৬ বৰ্ষত সেই ভূমি ৰাজ্যৰ বন বিভাগক হস্তান্তৰ কৰা হৈছিল যদিও ৰাষ্ট্ৰীয় উদ্যানৰ হাতলৈ অহা নাছিল সেই ভূমি৷
শেহতীয়াকৈ উদ্যান কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ হেতু এই ভূমিৰ প্ৰয়োজন বুলি অসম চৰকাৰক অৱগত কৰাত চৰকাৰে সেই ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দশম সংযোজন হিচাপে ঘোষণা কৰে৷ এই ঘোষণাৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ ৯১৫ বৰ্গ কিলোমিটাৰৰ পৰা ৯২৫ বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি পালে৷ এই পদক্ষেপে উদ্যানখনৰ প্ৰাণীকূলক অধিক সুৰক্ষিত কৰিব বুলি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আশাবাদী৷