ক্ৰমাৎ বেয়াৰ ফালে ঢাল খাইছে দেশৰ ৰাজধানী চহৰ দিল্লীৰ পৰিবেশ। সমগ্ৰ দিল্লী চানি ধৰিছে বিষাক্ত ধোঁৱাই। তাপমাত্ৰা আৰু বতাহৰ গতি হ্ৰাস পোৱাৰ বাবে দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰা অধিক বৃদ্ধি পাইছে। দিল্লীৰ চাৰিওফালে থকা খেতিপথাৰসমূহত শস্যৰ আৱৰ্জনা সমূহ জ্বলাই দিয়াৰ বাবে ৰাজধানী চহৰখন ধোঁৱাৰে ভৰি পৰিছে।
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে প্ৰকাশ কৰা অনুসৰি দিল্লীৰ পৰিবেশ বিগত ৪৮ঘণ্টা ধৰি অত্যন্ত বিপদজনক হৈ আছে। যাৰ বাবে ৰাজ্য চৰকাৰ আৰু স্থানীয় নিগম সমূহে জৰুৰীকালীন পদক্ষেপ গ্ৰহণ কৰিব লাগে। বিদ্যালয় সমূহ বন্ধ ঘোষনা কৰা , ব্যক্তিগত বাহনৰ চলাচলৰ ক্ষেত্ৰত যুগ্ম-অযুগ্ম নম্বৰৰ ব্যৱস্থা কৰা, সকলো নির্মাণকার্য বন্ধ কৰাৰ দৰে পদক্ষেপ লবলৈ দিল্লী চৰকাৰক পৰামৰ্শ দিছে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে।
শুকুৰবাৰে প্ৰকাশ কৰা এখন জাননীৰ জৰিয়তে প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে কয় যে চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়সমূহত ব্যক্তিগত বাহনৰ ব্যৱহাৰ ৩০ শতাংশ হ্ৰাস কৰিব লাগে। তদুপৰি বোৰ্ডে দিল্লীৰ বাসিন্দাসকলক প্ৰয়োজন নাথাকিলে ঘৰৰ বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছে।বোৰ্ডে লগতে প্ৰকাশ কৰিছে যে অহা ১৮নবেম্বৰ পৰ্যন্ত দিল্লীৰ বতৰ পৰিবেশ জনসাধাৰণৰ স্বাস্থ্যৰ বাবে অনুকূল হৈ নাথাকিব।
শস্যৰ আৱৰ্জনা জ্বলাই দিয়াৰ ফলত হোৱা প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বিগত চাৰিবছৰত কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।বিশ্বৰ প্ৰদূষিত চহৰ সমূহৰ অন্যতম হিচাপে বিবেচিত হৈ আহিছে দিল্লী।