অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এপিডিচিএলে তিনিটা পদৰ নিযুক্তি প্ৰক্ৰিয়া আজি বাতিল কৰিছে। এক নিৰ্দেশনাৰ জৰিয়তে এপিডিচিলে উপ মহা প্ৰবন্ধক(আইন),কাৰ্যালয় সহায়ক আৰু গাড়ীচালকৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰিছে।
উল্লেখ্য যে এই পদসমূহৰ নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছিল।ইয়াৰ পাছতে এই সমগ্ৰ কেলেংকাৰীৰ তদন্ত ঘোষণা কৰা হৈছিল। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এই কেলেংকাৰী সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি কেইবাস্থানত তালাচি চলাইছিল। আনকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকক জেৰাও কৰিছিল।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এপিডিচিলৰ নিযুক্তিপ্ৰক্ৰিয়া বাতিল কৰা হব বুলি ঘোষণা কৰিছিল। এই পদসমূহৰ বাবে পুনৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।