ভগৱান বিৰ্শামুণ্ডাৰ আজি জন্মদিন। ১৮৭৫ চনৰ ১৫ নৱেম্বৰত ঝাৰখণ্ডৰ ৰাঁচীত ধৰিত্ৰী পুত্ৰ বিৰ্শামুণ্ডাৰ জন্ম হয়। তেওঁৰ মাতৃৰ নাম কুৰ্মী হাটু আৰু পিতৃৰ নাম আছিল শুভা মুণ্ডা ৷
বিৰ্শামুণ্ডাৰ নীতি আছিল–‘জল -জংগল -জমীন , এয়াই আমাৰ জীৱন। গতিকে কোনেও ইয়াক নিঃশেষ কৰিব নোৱাৰে’। তেওঁ অকল ব্ৰিটিছৰ লগতেই নহয় , তেওঁলোকৰ ধাৰ্মিক আগ্ৰাসনৰ লগতো যুঁজ দিছিল। হিন্দু সমাজক খ্ৰীষ্টান ধৰ্ম লোৱাৰ পৰা বাধা দিছিল। সেয়ে তেখেতক আদিবাসী সকলে ভগৱান বুলি পূজা কৰে ।
ব্ৰিটিছ সকলে বিৰ্শামুণ্ডাক কাৰাৰুদ্ধ কৰি হত্যা কৰিছিল বুলি জানিব পৰা যায়। মাত্ৰ ২৫ বছৰ বয়সত দেশ -জাতি-ধৰ্মৰ বাবে আত্ম বলিদান দিয়া এই গৰাকী মহান আত্মা ইতিহাস হৈ ৰ’ল । ধৰিত্ৰী পুত্ৰ বিৰ্শামুণ্ডাৰ জন্ম জয়ন্তীক জনজাতীয় গৌৰৱ দিৱস হিচাপে শ্ৰদ্ধাৰে সুঁৱৰিছো।