মানুহৰ মুখ গহ্ববৰৰ এক প্ৰধান অংগ হ’ল দাঁত৷ দাঁতে কেৱল খাদ্য চোবোৱাই নহয় মুখৰ সৌন্দৰ্য্য বৃদ্ধি কৰাৰ লগতে কন্ঠস্বৰো শুৱলা কৰে৷
শিশুৰ জন্মৰ ছমাহৰ পৰা গজিবলৈ ধৰা গাখীৰ খোৱা দাঁত হ’ল অস্থায়ী দাঁত ৷স্থায়ী দাঁত গজাৰ আগতে এই অস্থায়ী দাঁতবোৰ সৰিবলৈ ধৰে আৰু প্ৰায় ছবছৰৰ পৰা স্থায়ী দাঁতবোৰ গজিবলৈ আৰম্ভ কৰে৷ মানুহৰ মুখ গহ্বৰত স্থায়ী দাঁতৰ সংখ্যা হ’ল ৩২টা৷
দাঁত আৰু দাঁতৰ আলু কেনেকৈ সুস্থ কৰি ৰাখিব পাৰি
- দাঁত সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে৷কোনো বস্তু খোৱাৰ আগত আৰু
পিছত দাঁত সদায় পৰিষ্কাৰকৈ ধুব লাগে৷ দিনটোত কেইবাবাৰো নিমখ পানীৰে মুখ কুলকুলিয়াব লাগে৷
- মিহি নিমখৰ লগত সৰিয়হ তেল মিশ্ৰণ কৰি দাঁত মাজিলে দাঁতৰ ফাকত থকা বিজানু নাশ হয় আৰু পৰিষ্কাৰ হয়৷ নিমখ তেলেৰে দাঁত মজাৰ পিছত মুখখন ভালকৈ ধুব লাগে৷
- শিশুৰ দাঁত ওলোৱাৰ পিছতেই দাঁত পৰিষ্কাৰকৈ মাজিব লাগে ৷ শিশুসকলক নিয়মিত দাঁত মজাৰ অভ্যাস কৰাব লাগে আৰু নিয়মিত ভাৱে দাঁত মাজিছেনে নাই সেয়া অভিভাৱকে লক্ষ ৰাখিব লাগে৷
- শিশুক মিঠা জাতীয় বস্তু কমকৈ খুৱাব লাগে আৰু খুৱালেও মুখ ভালকৈ ধুৱাব লাগে৷ মিঠা বস্তুৱে দাঁত সোনকালে নষ্ট কৰে৷
- মহানিমৰ ঠাৰি,সৌৰা গছৰ ঠাৰি,তেজমুই ডাল,ভেৰেণা গছৰ ঠাৰি আদিৰ এটা মূৰ থেঁতেলিয়াই দাঁতোন হিচাপে ব্যৱহাৰ কৰিলে দাঁত বীজাণুমুক্ত হয়৷
- বকুল গছৰ ঠাৰিৰে নিয়মিত ভাৱে দাঁত মাজিলে বা বকুল গছৰ ছালৰ ৰসেৰে মুখ কুলকুলিয়ালে দাঁতৰ আলু উখহা ,আলুৰ পৰা পূঁজ ওলোৱা আদিৰ পৰা উপশম পোৱা যায়৷
- দাঁতৰ গুৰি মজবুত হ’বৰ বাবে মাজে মাজে দাঁতেৰে টান বস্তু চোবাই খাব লাগে৷
- দাঁতৰ কাৰণে ফ্ল’ৰাইড লাগে যদিও অতিমাত্ৰা ফ্ল’ৰাইডে দাঁত নষ্ট কৰে৷
- দাঁতৰ কাৰণে কেলছিয়াম বৰ দৰকাৰী৷ আমলখি,শিলিখা,সুমথিৰা ,নেমুটেঙা,মধুৰি,গাজ ওলোৱা বুটমাহ,মগুমাহ,,বিলাহী,বেঙেনা,ৰঙালাউৰ কোমল পাত আৰু ঠাৰি আৰু পকা বেল আদি খাব লাগে ৷
- কেলছিয়াম যুক্ত খাদ্য আৰু শাক-পাচলি আৰু ফলমূল নিয়মিত খোৱাৰ অভ্যাস কৰিলে দাঁত আৰু দাঁতৰ আলু ভালে থাকে ৷
দাঁতৰ বিষত ব্যৱহাৰ কৰিব পৰা কেইবিধমান বনৌষধি
- ভীমকলৰ পাতৰ মাজত কেঁচা ঠাৰি এডাল বা কুমলীয়া এচাৰি এডাল জুইত অলপ সেঁকি যিমান সময় পাৰি সিমান সময় বিষোৱা দাঁতেৰে কামূৰি ধৰিলে দাঁতৰ বিষ নাইকিয়া হয়৷
- পাঁচটা লং নেমুৰ ৰস মিহলি কৰি দাঁত মাজিলে দাঁতৰ বিষ নোহোৱা হয়৷
- জালুকৰ গুড়ি ,পিপলিৰ গুড়ি ,,শুকান আদাৰ গুড়ি,লঙৰ গুড়ি,শুহনি বনৰ গুড়ি,তেজমুই গছৰ ছালৰ গুড়ি আদি সমান পৰিমাণে মিশ্ৰণ কৰি দাঁতৰ গুড়িত সানিলে দাঁতৰ বিষৰ পৰা উপশম পোৱা যায়৷ দাঁতৰ বিষ হ’লে টান আৰু মিঠা বস্তু খাব নালাগে ৷