চিকিৎসা বিজ্ঞানৰ উন্নতিৰ বাবে মোডী চৰকাৰে সময়ে সময়ে পদক্ষেপ গ্ৰহণ কৰি আহিছে। এইবাৰ জনসাধাৰণৰ সুবিধাৰ্ৰথে চিকিৎসা ব্যৱস্থাৰ কিছু নিয়ম নীতি সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এইবাৰ মৰণোত্তৰ পৰীক্ষাৰ ক্ষেত্ৰত সংশোধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা সমগ্ৰ ভাৰতৰ চিকিৎসালয়ত ২৪ ঘন্টাই মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা উপলব্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে চিকিৎসালয়সমূহত আন্ত:গাঁথনি উন্নত কৰা হৈছে। চিকিৎসা কৰ্মীৰ নিযুক্তিৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰা হৈছে।
এতিয়াৰে পৰা ৰাতি আৰু দেওবাৰেও নিয়মীয়াকৈ চৰকাৰী চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থাই জনসাধাৰণক যথেষ্ট সকাহ প্ৰদান কৰিব। ভাৰতৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা এতিয়াও অতি দুৰ্দশাময়। লেহেমীয়া ব্যৱস্থাৰ বাবে বিভিন্ন কাৰণত মৃত্যুবৰণ কৰা লোকৰ পৰিয়ালবৰ্গই বিভিন্ন সমস্যাৰ সদায়েই সন্মুখীন হৈ আহিছে। এই নতুন পদক্ষেপে নিশ্চয় জনসাধাৰণক সহায় কৰিব।