এতিয়াৰে পৰা কভিদ১৯ত পিতৃ মাতৃক হেৰুৱাই অনাথ হোৱা শিশুৱে পেঞ্চন লাভ কৰিব। ই পি এফৰ অধীনত অনাথ শিশুসকলে এই পেঞ্চন লাভ কৰিব পাৰিব।
অৱশ্যে সকলো শিশুৱে এই পেঞ্চন লাভ কৰিবলৈ সক্ষম নহ’ব। যিসকল পিতৃ মাতৃ ই পি এফ স্কীমৰ সদস্য আছিল, সেইসকল শিশুৱেহে পেঞ্চন লাভ কৰিব পাৰিব বুলি কৰ্মচাৰী ভৱিষ্যত নিদিয়ে এই কথা সদৰী কৰে।
বিধবা এগৰাকীয়ে লাভ কৰা ধনৰ ৭৫% ধন অনাথ শিশুজনে লাভ কৰিব। অৰ্থাৎ প্ৰতিমাহে ৭৫০ টকাকৈ ২৫ বছৰ বয়সলৈকে নিয়মীয়াকৈ পেঞ্চন লাভ কৰিব।
অৱশ্যে যিসকল শিশু বিশেষভাৱে সক্ষম বা মানসিকভাৱে কিছু দুৰ্বল, তেনে শিশুৱে এই পেঞ্চন আজীৱন লাভ কৰিব বুলি জানিবলৈ দিয়ে। কভিদত অনাথ হোৱা শিশুসকলৰ বাবে নিঃসন্দেহে এক বলিষ্ঠ পদক্ষেপ।