১৭ নৱেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস হিচাপে পালন কৰা হয়৷ মৃগী ৰোগৰ ক্ষেত্ৰত জনসমাজত সজাগতা বৃদ্ধিৰ বাবে আৰু এই ৰোগ প্ৰতিৰোধ আৰু চিকিৎসাৰ বিষয়ে ৰাইজক অৱগত কৰিব বাবে এই বিশেষ দিনটো পালন কৰা হয়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে সমগ্ৰ বিশ্বৰ উন্নয়নশীল দেশসমূহত বসবাস কৰা ৮০% মানুহৰ ৫০ নিযুত মানুহ মৃগী ৰোগত আক্ৰান্ত হৈছে৷ এই ৰোগৰ চিকিৎসা আছে যদিও ভাৰত বৰ্ষত চাৰিভাগৰ তিনিভাগ ৰোগীয়ে এই চিকিৎসা গ্ৰহণ কৰাৰ পৰা বিৰত থাকে আৰু সেইবাবেই তেওঁলোকক এই আজিৰ এই দিনটো ৰাষ্ট্ৰীয় মৃগী দিৱস হিচাপে পালন কৰা হয়৷
মৃগী হ’ল মগজুৰ এক অতি ভয়ানক অসংক্ৰামক ৰোগ৷এই ৰোগত মানুহে হঠাতে কঁপিবলৈ বা সংকুচিত হ’বলৈ আৰম্ভ কৰে। সেই সময়ত, তেওঁলোকে চকু আৰু মুখ ওলোটাই দিয়ে বহুলোকে চকুৰ পতা স্থিৰ কৰে, আনহাতে আন কিছুমানে সময়ে সময়ে জ্ঞান হেৰুৱায়। আনকি এজন ব্যক্তিয়ে মানসিক ভাৱে আৰোগ্য হোৱা স্বত্বেও হঠাতে এনে অস্বাভাৱিক আচৰণ কৰিবলৈ আৰম্ভ কৰিলেও সাধাৰণতে সেয়া মৃগীৰোগৰ লক্ষণ বুলি কোৱা হয়।ৰোগী বিশেষে এই ৰোগৰ লক্ষণ সমূহ বেলেগ বেলেগ হোৱা দেখা যায়৷
এই ৰোগক সাধাৰণ বুলি নাভাবি যাতে এই ক্ষেত্ৰত জনসাধাৰণকে আদি কৰি চৰকাৰ তথা স্বাস্থ্যৰ স’তে জড়িত সকলো সজাগ হয় সেইবাবেই আজিৰ এই ১৭ নৱেম্বৰৰ তাৰিখটো সমগ্ৰ ভাৰতবৰ্ষতেই ৰাষ্ট্ৰীয় মৃগী দিৱস হিচাপে পালন কৰা হয়৷