প্ৰাচীন ভাৰতত নেমু জাম্বিৰ হিচাপে জনাজাত ৷ ভাৰতীয় ভাষাত ঠায়ে ঠায়ে ইয়াৰ নামো ভিন ভিন৷ মাৰাঠীত লিম্ব,হিন্দীত নিম্বো,মালায়ালমত চেপেনাৰাকাম,উৰিয়াত লেম্বা,পাঞ্জাবীত গলগল,তামিলত ইলিমিস্কাম আৰু তেলেগুত লিম্বা পাঞ্জু নামেৰে পৰিচিত এই নেমু৷
গোল নেমুৰ ফল-ফুল,শিপা,বীজ ,ছাল আদি সকলো অংশই ঔষধ প্ৰস্তুত কৰোঁতে ব্যৱহৃত হয়৷
গোলনেমুত থকা ৰাসায়নিক দ্ৰব্য সমূহ-
- গোলনেমুৰ ৰসত চাইট্ৰিক এচিড ১০%, ,ফছফৰাছ এচিড,মেলিক এচিড,পটাছিয়াম আৰু কিছুমান খাৰকীয় চাইট্ৰেচ ,চেনি আৰু মিউচিলেজ আদি পোৱা যায়৷ তাৰোপৰি ৮৫% জলীয় বাষ্প,১% প্ৰ’টিন,৯% চৰ্বি,৩% ধাতৱ দ্ৰব্য ,১৭% আঁহ জাতীয় পদাৰ্থ ,১১.১% কাৰ্ব’হাইড্ৰেট,৭% কেলচিয়াম,০.১% ফছফৰাছ,২.৩% লো জাতীয় পদাৰ্থ পোৱা যায়৷ আনহাতে গোলনেমুৰ খোৱা অংশৰ ১০০ গ্ৰামত ২০ মিলিগ্ৰাম খাদ্যপ্ৰাণ ‘খ’,মিউটনিক এচিদ ১ মিলিগ্ৰাম,৬৩ মিলিগ্ৰাম খাদ্যপ্ৰাণ ‘ক’ পোৱা যায়৷ গৱেষক সকলৰ মতে আমাৰ উপসিৰা বিলাক সবল কৰা খাদ্যপ্ৰাণ ‘পি’ এই গোলনেমুত পোৱা যায়৷
বিভিন্ন ৰোগত গোলনেমুৰ ব্যৱহাৰ-
- খজুৱতি ভাল কৰিবলৈ ১ চামুচ নাৰিকল তেলৰ লগত ১ চামুচ গোল নেমুৰ ৰস মিহলাই গৰম কৰি তাক খজুৱতি হোৱা ঠাইত সানিব লাগে৷
- গোল নেমু এটা দুফাল কৰি ছালত সানিলে ছালৰ ৰোগ ভাল হয় ৷
- একাপ গৰম পানীত ২টা নেমুৰ ৰস মিশ্ৰণ কৰি প্ৰতি ঘণ্টাৰ অন্তৰে অন্তৰে তিনিবাৰ খালেই অম্লপিত্ত ৰোগ ভাল হয়৷
- একাপ ঠাণ্ডা পানীৰ লগত দহ চামুচ নেমুৰ ৰস মিহলি কৰি দিনে তিনিবাৰকৈ খালে যঠেষ্ট উপশম পোৱা যায়৷
- একাপ গৰম পানীত নেমুৰ ৰস ৫০ মিলি লিটাৰ মিলাই প্ৰতি ঘণ্টাৰ মূৰে মূৰে ৮ৰ পৰা ১০বাৰমান খালেই যকৃত ৰোগ ভাল হয়৷
- গা ধোৱাৰ আগতে মূৰত নেমুৰ ৰস সানিলে চুলি উজ্বল আৰু ফিৰফিৰিয়া হয়৷
- চকুৰ উজ্বলতা বৃদ্ধিৰ বাবে গোল নেমুৰ ৰস খোৱাৰ উপৰিও চকুৰ কোণত ইয়াৰ ৰস দিব লাগে৷
- শৰীৰত জমা হোৱা মেদ কমাবলৈ ভাতৰ লগত বা ভাত খোৱাৰ পাছতে গোল নেমুৰ ৰস তিনি চামুচ খাব লাগে ৷ মৌৰ লগত মিলাই খালেও উপকাৰ পোৱা যায়৷
- অজীৰ্ণ ৰোগত গোল নেমুৰ ৰস ক’লা নিমখৰ সৈতে খোৱা ভাল৷
- তেজ পৰিষ্কাৰ কৰিবৰ বাবে দৈনিক একোটাকৈ গোল নেমু খাব লাগে৷