নতুন শিক্ষানীতি বলবৎ কৰাৰ উদ্দেশ্যে অসম শিক্ষা বিভাগে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২০২৩ চনৰ ভিতৰত নতুন শিক্ষানীতিৰ দ্বাৰা ৰাজ্যখনৰ শিক্ষাখণ্ড পৰিচালিত হ’ব বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰে। সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অহা জানুৱাৰী মাহৰ পৰা মহাবিদ্যালয়সমূহত একাদশ আৰু দ্বাদশ শ্ৰেণী নাথাকিব বুলি ঘোষণা কৰে। বৰ্তমান ১০০০ খন মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্ত লোৱা হৈছে। পিছলৈ সকলোবোৰ হাইস্কুলৰ উন্নীতকৰণ কৰিব বুলি চিন্তা কৰা হৈছে।
এতিয়াৰে পৰা অসম শিক্ষা সংসদ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ নাথাকিব। দুয়োখন পৰিষদক একগোট কৰা হ’ব।
ইয়াৰ উপৰিও নতুন শিক্ষানীতি অনুসৰি মাধ্যমিক আৰু প্ৰাথমিক শিক্ষা খণ্ডক একে লগ কৰা হ’ব। প্ৰাথমিক শিক্ষা সঞ্চালকালয় আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ক একগোট কৰি “বিদ্যালয় শিক্ষা সঞ্চালকালয়” এবছৰৰ ভিতৰত গঠন কৰা হ’ব।
শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই মাতৃ ভাষাত প্ৰাথমিক শিক্ষা প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰিব বুলি উল্লেখ কৰিছে।
নতুন শিক্ষানীতিয়ে দেশৰ শিক্ষা খণ্ডলৈ ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনি এক নতুনত্ব প্ৰদান কৰিব বুলি সচেতন সমিতিৰ আশাবাদী।