অলপতে ৰাছিয়াৰ কাণ্ডত হতবাক হৈ পৰিছে মহাকাশত থকা নাছাৰ নভোচৰসকল। কোনো আগজাননী নিদিয়াকৈ প্ৰেৰণ কৰা উপগ্ৰহ বিধ্বংসী ক্ষেপণাস্ত্ৰই মহাকাশত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিলে।
যোৱা সোমবাৰে ৰাছিয়াই কোনো ধৰণৰ আগজাননী নিদিয়াকৈ ঘূণাক্ষৰেও কাকো নজনোৱাকৈ কছমছ ১৪০৮ কৃত্ৰিম উপগ্ৰহলৈ লক্ষ্য স্থিৰ কৰি এটা এটাকৈ চাৰিটা ক্ষেপণাস্ত্ৰ প্ৰক্ষেপ কৰিছিল। চাৰিওটা ক্ষেপনাস্ত্ৰই মিনিটতে উপগ্ৰহটো ধ্বংস কৰে। উপগ্ৰহৰ টুকুৰাবোৰ মহাকাশত সিঁচৰতি হৈ ফুৰে। ফলত মহাকাশত থকা নাছাৰ ৭ জন নভোচৰৰ মাজত আতংকৰ সৃষ্টি হয়।
মহাকাশত আতচবাজীৰ দৰে উজ্জ্বলি উঠা টুকুৰাবোৰ দেখি নভোচৰসকলে আঘাত পোৱাৰ ভয়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। পিছত নাছাৰ পৰা প্ৰেৰণ কৰা বিশেষ যানে তেওঁলোকক পৃথিৱীলৈ অনাৰ ব্যৱস্থা কৰে।
ৰাছিয়াই কোনো আগজাননী নিদিয়াকৈ কৰা এই কাৰ্য্যত নাছাই অসন্তুষ্টি প্ৰকাশ কৰিছে। অৱশ্যে এই পৰীক্ষাৰ দ্বাৰা ৰাছিয়াই ভূ খণ্ডৰ পৰা মহাকাশৰ কৃত্ৰিম উপগ্ৰহ ধ্বংস কৰিব পৰা ক্ষেপণাস্ত্ৰ সফল পৰীক্ষণৰ কৃৰ্তিত্ব লাভ কৰিবলৈ সক্ষম হ’ল।