দুদিনীয়া কাৰ্যসূচীৰে আজি সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যতঃ ৰাস উপভোগৰ বাবে মাজুলীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰিব কেইবাটাও কার্যসূচীত। আজি পুৱাৰ ভাগত উপস্থিত হোৱা ডঃ শৰ্মাই দিনৰ ভাগত ১৪টা কার্যসূচীত অংশগ্ৰহণ কৰিব। উপস্থিত হৈয়েই তেওঁ নিমাতীঘাটৰ শোকাবহ নাও দুৰ্ঘটনাত বহুকেইজন লোকৰ প্ৰাণ বচাই সাহসিকতাৰ পৰিচয় দিয়া লোকসকলক আৰ্থিক সাহায্য প্ৰদান কৰে। কৃতজ্ঞতাৰ চিনস্বৰূপে মাজুলীত এনে ৫০গৰাকী সাহসী লোকক ২৫,০০০ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।
ইয়াৰ লগতে মাজুলীৰ ৫৯খন ৰাস মহোৎসৱ আয়োজক সমিতিক ৫০,০০০ টকাৰ বিত্তীয় সাহায্য বিতৰণ কৰে তেওঁ। অহা বছৰৰ পৰা মাজুলীৰ ৰাস মহোৎসৱক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলাই তোলাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, পীযুষ হাজৰিকা, সাংসদ প্ৰদান বৰুৱাও উপস্থিত আছিল। এই ভ্ৰমণ কালত গড়মূৰ, আউনিআটি, উত্তৰ কমলাবাৰী আৰু দক্ষিনপাত্ৰ সত্ৰত আশীৰ্বাদ লব মুখ্যমন্ত্ৰী গৰাকীয়ে। চাৰি স্থানত ডঃ শৰ্মাই উপভোগ কৰিব ৰাস। তদুপৰি তেওঁ পৰিদৰ্শন কৰিব প্ৰস্তাৱিত মাজুলী-যোৰহাট সংযোগী দলঙৰ নির্মাণস্থলী পৰিদৰ্শন কৰিব । আনহাতে, মুখ্যমন্ত্ৰী গৰাকীয়ে আবৰ্ত ভৱনৰ পৰিবৰ্তে নিশা কটাব এখন ভিতৰুৱা মিছিং গাঁওৰ চাংঘৰত। জকাইবোৱা গাঁওৰ কিৰণ পায়েঙৰ ঘৰত নিশা কটাব ডঃ শৰ্মাই। ইতিমধ্যে মুখ্যমন্ত্ৰীক আদৰিবলৈ গাঁওখনত আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি। গৰৈ মাছ পোৰাৰ পিটিকাৰ পৰা আৰম্ভ কৰি মিচিং সকলৰ পৰম্পৰাগত খাদ্যসম্ভাৰেৰে আপ্যায়ন কৰিব মুখ্যমন্ত্ৰী গৰাকীক। গাঁওখনত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।