গুৱাহাটী মহানগৰীৰ ট্ৰেফিক চিগনেল অতিক্ৰম কৰোতে এতিয়াৰ পৰা আপুনি সাৱধান হওঁক। ট্ৰেফিক আৰক্ষী নেদেখি সুযোগ বুজি ট্ৰেফিক চিগনেল ভংগ কৰিবলৈ চেষ্টা কৰিলে আপুনি সন্মুখীন হ’ব বিপদৰ। কিয়নো মহানগৰীৰ ট্ৰেফিক চিগনেল সমূহত শীঘ্ৰে সংস্থাপন কৰা হ’ব অত্যাধুনিক ব্যৱস্থা। আজি এই কথা সদৰী কৰিছে নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘলে। আজি বৰচলা বিলৰ পাৰত নিৰ্মাণ হ’বলগীয়া উদ্যানৰ আধাৰশিলা স্থাপনৰ পিছত সংবাদমাধ্যমৰ আগত কয় যে শীঘ্ৰে মহানগৰীৰ ১০২টা স্থানত সংস্থাপন কৰা হ’ব ইনট্ৰিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম। এই ব্যৱস্থা সংস্থাপন হোৱাৰ লগে লগে ট্ৰেফিক চিগনেল ভংগ কৰা সকলক ই – চালানৰ জৰিয়তে জৰিমনা বিহা হ’ব। মোবাইলত জৰিয়তে ট্ৰেফিক আইন ভংগকাৰীসকলে জৰিমনা ভৰিছে বুলি জানিব পাৰিব। মন্ত্রী গৰাকীয়ে প্রকাশ কৰা অনুসৰি ১৫-২০দিনৰ ভিতৰত এই ব্যৱস্থাৰ বাবে নিবিদা আহ্বান কৰা হ’ব। ইপিনে মহানগৰীৰ বিকল হৈ থকা ৱাটাৰ এ টি এম সমূহ পৰিচালনাৰ দায়িত্ব এটা এন জি অ’ক প্ৰদান কৰা হব বুলিও তেওঁ সদৰী কৰে।ইয়াৰ বাবদ এন জি অ’টোৱে চৰকাৰক আদায় দিব ৰাজহ।