দেশৰ বিভিন্ন প্ৰান্তৰ কৃষক সকলৰ প্ৰায় এবছৰ জোৰা নিৰন্তৰ প্ৰতিবাদৰ অন্তত অৱশেষত তিনি বিতৰ্কিত কৃষি আইন বাতিল কৰিলে কেন্দ্ৰীয় চৰকাৰে।আজি দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিওখন কৃষি আইন বাতিলৰ সিদ্ধান্ত ঘোষণা কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণত কয় ” মোৰ প্ৰচেষ্টাত হয়তো কিবা খুঁত থাকি গ’ল যাৰ বাবে আমি কিছুসংখ্যক কৃষকক এই আইনৰ বিষয়ে পতিয়ন নিয়াব নোৱাৰিলোঁ।
আজি পবিত্ৰ প্ৰকাশ পৰ্ব। আজি কাকো দোষ দিয়াৰ দিন নহয়।আজি মই দেশবাসীক ক’ব বিচাৰিছোঁ যে আমি তিনিওখন কৃষি আইন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।এই মাহৰ শেষৰফালে অনুষ্ঠিত হ’বলগীয়া সংসদৰ অধিবেশনত আইন তিনিখন বাতিলৰ যাবতীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব।” দেশবাসীক সম্বোধন কৰাৰ সময়ত তিনিওখন আইনৰ সপক্ষে প্ৰথমে যুক্তি প্ৰদান কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে সমগ্ৰ প্ৰক্ৰিয়াটোত সংস্কাৰ অনাৰ লক্ষ্যৰে এই আইন গৃহীত কৰা হৈছিল।
মূলতঃ ক্ষুদ্ৰ আৰু মজলীয়া কৃষকসকলৰ বাবে এই সংস্কাৰ অনা হৈছিল।কিছুসংখ্যক কৃষকে বুজি পাইছিল যদিও এটা অংশই বুজি নাপালে।মোদীয়ে কয় “আমি কৃষকসকলক পতিয়ন নিয়াব নোৱাৰিলোঁ।এটা অংশই আইনকেইখনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিলে।প্ৰতিবাদী কৃষক সকলক আমি ধাৰাবাহিক ভাবে সজাগ আৰু সচেতন কৰিবলৈ চেষ্টা কৰিছিলোঁ।মই যি কৰিছিলোঁ সেয়া কেৱল কৃষকসকলৰ বাবে কৰিছিলোঁ।মই যি কৰি আছোঁ সেয়া দেশৰ বাবে কৰি আছোঁ।”
স্বাভাবিকতেই প্ৰধানমন্ত্ৰীৰ এই ঘোষণাই প্ৰতিবাদী কৃষকসকলৰ মাজত আনন্দ আনিছে। কিন্তু লগতে উথাপিত হৈছে কেইবাটাও প্ৰশ্নৰ। প্ৰকৃতাৰ্থত কৃষকৰ ধাৰাবাহিক প্ৰতিবাদত সেও মানিলে নে উত্তৰ প্ৰদেশ আৰু পাঞ্জাৱৰ আগন্তুক বিধানসভাৰ নির্বাচনক লক্ষ্য কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিলে কেন্দ্ৰীয় চৰকাৰে। কিয়নো এবছৰ ধৰি দিল্লী সীমান্তত প্ৰতিবাদত বহি থকা কৃষক সকলৰ অধিকাংশই উত্তৰ প্ৰদেশ আৰু পাঞ্জাৱৰ। আনকি এই আইন গৃহীত কৰাৰ পাছতে এন ডি এ ত্যাগ কৰিছিল পাঞ্জাৱৰ আঞ্চলিক ৰাজনৈতিক দল আকালি দলে।
আগন্তুক তিনি মাহৰ ভিতৰতে পাঞ্জাৱত অনুষ্ঠিত হব বিধানসভা নিৰ্বাচন। সেইদৰে উত্তৰ প্ৰদেশৰ নির্বাচনক লৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে বিজেপি। ৰাজ্য খনৰ উত্তৰ প্ৰান্তৰ কৃষকসকলে এই আইনৰ বিৰুদ্ধে কৰি অহা আন্দোলনে বিজেপিক ক্ষতি কৰিব বুলি দলটোৰ একাংশ নেতাই আশংকা প্ৰকাশ কৰিছিল। এনে কাৰণতে কেন্দ্ৰীয় চৰকাৰে হঠাৎ এই আইন বাতিল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।
অৱশ্যে সংসদৰ মজিয়াত আইন কেইখন বাতিল নোহোৱালৈকে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰিছে শীৰ্ষ কৃষক নেতা ৰাকেশ টিকেইতে। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কৃষকৰ সত্যাগ্ৰহে অহংকাৰক পৰাজিত কৰিলে।