নদীখন আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৷ শ্বিলঙৰ পৰা ১০০ কিল’মিটাৰ দূৰত অৱস্থিত উমংগট নদী যি স্থানীয় ভাৱে ডাউকি নামেৰে জনাজাত৷ ইণ্ডো বাংলাদেশ সীমান্তত এছিয়াৰ আটাইতকৈ স্বচ্ছ গাওঁ মৌলিনোঙৰ মাজেৰে বৈ গৈছে এই নদী য’ত কোনো আৱৰ্জনা পেলোৱাটো নিষিদ্ধ৷
কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ে শেহতীয়াকৈ এই স্বচ্ছ নদীখনৰ ফটো টুইট কৰিছে ৷ এই ছবিত এখন কাঁচৰ দৰে ফটফটিয়া পানীৰ পৰিষ্কাৰ নদী দেখা গৈছে য’ত পানীৰ তলৰ শিলবোৰো স্পষ্টভাৱে দেখা যায় ৷ছবিখন শ্বেয়াৰ কৰি মন্ত্ৰালয়ে লিখিছে ,’ই পৃথিৱীৰ সকলোতকৈ স্বচ্ছ নদীসমূহৰ ভিতৰত এখন৷ ইয়াৰ পানী ইমান পৰিষ্কাৰ যে নদীত ওপঙি থকা নাওখন বতাহত ওপঙি থকা যান লাগিছে’৷