এটা অৰ্থবহ পাৰিবাৰিক জীৱনৰ অধিকাৰ সংবিধানৰ ২১ অনুচ্ছেদৰ অধীনত জীৱনৰ অধিকাৰৰ এটা অংশ, পশ্চিমবংগৰ আই এ এছ বিষয়াক তামিলনাডুলৈ বদলিৰ অনুমতি দিল্লী উচ্চ ন্যায়ালয়ৰ
পশ্চিমবংগৰ এগৰাকী মহিলা আই এ এছ বিষয়াক তামিলনাডুলৈ বদলিৰ অনুমতি প্ৰদান কৰি দিল্লী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে কয় যে এটা অৰ্থবহ পাৰিবাৰিক জীৱনৰ অধিকাৰ সংবিধানৰ ২১ অনুচ্ছেদৰ অধীনত জীৱনৰ অধিকাৰৰ এটা অংশ। খণ্ড বিচাৰপীঠখনে কয় যে কোনো কাৰণ নোহোৱাকৈ ইন্টাৰ কেডেট বদলিৰ ক্ষেত্ৰত এগৰাকী কৰ্মচাৰীক ৰাজ্য চৰকাৰে অনুমতি প্ৰদান নকৰাটো সেই ব্যক্তিগৰাকীৰ পৰিয়ালৰ চাহিদা পুৰণৰ অধিকাৰ খৰ্ব কৰে। উল্লেখযোগ্য যে পশ্চিমবংগ কেডাৰৰ এগৰাকী মহিলা আই এ এছ বিষয়াই তামিলনাডু কেডাৰৰ আই এ এছ বিষয়াৰ সৈতে বিয়াত বহাৰ পাছতে সংশ্লিষ্ট কৰ্তৃপক্ষক ইন্টাৰ কেডেট বদলিৰ বাবে আবেদন কৰিছিল। সেই সময়ত তামিলনাডু চৰকাৰে মহিলাগৰাকীক আপত্তিবিহীন প্ৰমাণপত্ৰ প্ৰদান কৰে যদিও পশ্চিমবংগ চৰকাৰে অনুমতি প্ৰদান নকৰে। ৰাজ্যখনত বিষয়াৰ অভাৱ হোৱাৰ বাবে আপত্তিবিহীন প্ৰমানপত্ৰ প্ৰদান কৰাৰ পৰা বিৰত থাকে পশ্চিমবংগ চৰকাৰ। অৱশ্যে সেই সময়ত মহিলাগৰাকীৰ আই এ এছ স্বামীয়ে বদলি হৈ আহিলে পশ্চিমবংগত কাম কৰাৰ অনুমতি প্ৰদান কৰিব বুলি প্ৰকাশ কৰে। যাৰ বাবে তিনিবছৰ অপেক্ষা কৰে মহিলা বিষয়া গৰাকীয়ে। তিনি বছৰৰ পাছত তেওঁ পুনৰ বদলিৰ আবেদন জনাই যদিও চৰকাৰৰ পৰা কোনোধৰণৰ সঁহাৰি লাভ নকৰিলে । যাৰ পৰিপ্ৰেক্ষিতত তেওঁ কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধীকৰণৰ কাষ চাপে। এই ন্যায়াধীকৰণে বিষয়টো পুনৰ বিবেচনা কৰিবলৈ পশ্চিমবংগ চৰকাৰক নিৰ্দেশ দিয়ে ।ইয়াৰ পাছতো কোনো সঁহাৰি লাভ নকৰাত আবেদনকাৰী গৰাকী দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। আবেদনত মহিলা বিষয়া গৰাকীয়ে কয় যে তেওঁ বৈষম্যৰ বলি হৈছে। কিয়নো একেটা কাৰণত পশ্চিমবংগৰ কেইবাগৰাকী বিষয়াই বদলিৰ অনুমতি লাভ কৰিছে। তদুপৰি এই ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰে জাৰি কৰা এখন কাৰ্যালয় স্মাৰক অনুসৰিও বদলিৰ বাবে তেওঁ যোগ্য বুলি প্ৰকাশ কৰে। এনে বিষয়সমূহ বিবেচনা কৰি উচ্চ ন্যায়ালয়ে মহিলাগৰাকীৰ বদলিত অনুমতি প্ৰদান কৰে। দুসপ্তাহৰ ভিতৰত মহিলগৰাকীক বদলিৰ বাবে যাবতীয় আপত্তিবিহীন প্ৰমানপত্ৰ প্ৰদান কৰিবলৈ পশ্চিমবংগ চৰকাৰক নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে।