শেহতীয়াকৈ কৃত্ৰিম উপগ্ৰহৰ ছবিত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ভাৰতৰ মাটি পুনৰ চীনে অধিকাৰ কৰি লৈছে। এন ডি টিভিৰ উপগ্ৰহৰ ছবিত এই কথা প্ৰকাশ পাইছে।
অৰুণাচল প্ৰদেশৰ ৬ কিলোমিটাৰৰ ভিতৰলৈ চীনৰ আগ্ৰাসন বৃদ্ধি পাইছে। উপগ্ৰহৰ ছবিত চীনে নিৰ্মাণ কৰা ৬০ টাকৈ অট্টালিকাৰ স্পষ্ট প্ৰমাণ পোৱা গৈছে। আনকি অট্টালিকাসমূহৰ ছাদত চীনৰ পতাকাৰ ছবিও প্ৰতিফলিত হৈছে। এই নিৰ্মাণ কাৰ্য্য ২০১৯ চনৰ পিছত সম্পন্ন হৈছে বুলি জানিব পৰা গৈছে।
চীনৰ এই নিৰ্মাণ কাৰ্য্য পৰিদৰ্শন কৰিবলৈ জিন পিং অৰুণাচললৈও আহিছিল বুলি চীনৰ সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল। আনকি চীনে ৰেলপথ নিৰ্মাণ কৰাৰ কথাও জানিবলৈ পোৱা গৈছে।
ইয়াৰ পূৰ্বেও চীনে ভাৰতক প্ৰত্যাহ্বান জনাই গাঁও দখল কৰিছে। আমেৰিকাই প্ৰকাশ কৰা এক তথ্য অনুসৰি চীনে ইতিমধ্যে ভাৰতৰ অৰুণাচলৰ ভূমিত ১০০ বাসগৃহৰ গাঁও নিৰ্মাণ কৰিছে।
দিনক দিনে বৃদ্ধি পোৱা চীনৰ এই প্ৰত্যাহ্বানে সীমান্ত এলেকাৰ লোকসকললৈ শংকা কঢ়িয়াই আনিছে। ভাৰতৰ বাবে এই লক্ষণ শুভ নহয়। ইয়াৰ উচিত ব্যৱস্থা কৰা উচিত। সীমান্তবৰ্তী ঠাই বিলাকৰ উন্নয়নত চৰকাৰে অধিক গুৰুত্ব আৰোপ কৰিলে এই শংকা নিশ্চয় কিছু দূৰ হ’ব।