বিশ্ব স্বাস্থ্য সংস্থাই (WHO) নিৰ্দেশ জাৰি কৰিছে যে অতিশীঘ্ৰে সমগ্ৰ বিশ্বজুৰি ক‘ভিডৰ তৃতীয় ঢৌয়ে প্ৰৱেশ কৰিব।ডেল্টা ভেৰিয়েন্ট এই তৃতীয় লহৰৰ মূল কাৰণ হৈ উঠিব পাৰে।বিশ্ব স্বাস্থ্য সংস্থাৰ এই সৰ্তকবাণীৰ পিছতেই এতিয়া কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিখন ৰাজ্য চৰকাৰলৈ নিৰ্দেশ জাৰি কৰি পত্ৰ প্ৰেৰণ কৰিছে।
এই পত্ৰৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ সকলো চৰকাৰলৈ আহ্বান জনাইছে যে অতি সোনকালে ৰাজ্যৰ সকলো লোককে ভেকচিন প্ৰদান কৰক। দেশজুৰি চলি থকা টিকাকৰণ ব্যৱস্থাৰ গতি তুৰাম্বিত কৰক। অন্যথা চৰম সংকটত পৰিব দেশৰ প্ৰতিখন ৰাজ্য চৰকাৰ।
যদিও দেশৰ জনসংখ্যাৰ বিপৰীতে ইয়াৰ পৰিসংখ্যালৈ যদি লক্ষ্য কৰা যায় তেন্তে দেখা যায় যে এতিয়াও দেশৰ সৰহ সংখ্যক লোক ভেকচিন লাভৰ পৰা বঞ্চিত হৈ আছে। তেনেক্ষেত্ৰত অসমতো মাত্ৰ ৭% লোকহে ভেকচিনৰ দুয়োটা ড‘জ লাভ কৰিবলৈ সক্ষম হৈছে।
ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি ১৫ জুলাই পৰ্যন্ত অসমত মাত্ৰ ৮৫,৪১,০৫৫ জন ব্যক্তিয়ে ক’ভিডৰ ভেকচিন লাভ কৰিছে। ইয়াৰে ৭০,৭১,৪৮৬ জনে প্ৰথম ড’জ আৰু ১৪,৬৯,৫৬৯ জনে দুয়োটা ড’জ লাভ কৰিছে। অৰ্থাৎ ভেকচিন লাভ কৰা ১৮ বছৰৰ ওপৰৰ লোকৰ সংখ্যা ২ কোটি ৩৩ লাখ।
এইক্ষেত্ৰত দেখা যায় যে অসমত মুঠ ৭% লোকেহে সম্পূৰ্ণ ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজ্য চৰকাৰে ভেকচিন পৰ্যাপ্ত পৰিমাণে আছে বুলি দাবী কৰি আহিছে যদিও ক‘ভিড ভেকচিন কেন্দ্ৰ সমূহত হোৱা জন সমাবেশ আৰু ক্ৰমে বন্ধ হৈ পৰা ভেকচিন কেন্দ্ৰ সমূহে কিন্তু ভেকচিন নাটনিৰ সঁচা ছবিখন সুন্দৰকৈ তুলি ধৰিছে।
তেনেক্ষেত্ৰত ক্ৰমে বিশ্বত প্ৰৱেশ কৰা ক‘ভিডৰ তৃতীয় লহৰৰ সৈতে মোকাবিলা কৰিব পৰাকৈ ৰাজ্য চৰকাৰ কিমান দূৰ সাজু হৈ আছে সেইয়া সময়েহে ক’ব।