মানৱ দেহত নাড়ীৰ ওপৰত পেটৰ পিছফালে অৱস্থিত বিনৰ দৰে আকৃতিৰ এই অংগ বিধ দীঘলে ১২ ছে:মি: আৰু এজন প্ৰাপ্ত বয়স্ক ব্যক্তিৰ দেহত ইয়াৰ ওজন হ’ল ১৫০ গ্ৰাম ৷ বৃক্কৰ বাহিৰফালৰ তৰপটোক কৰ্টেক্স আৰু ভিতৰৰ তৰপটোক মেডোলা বুলি কোৱা হয়৷বৃক্ক দুটা ৷এটা সোঁফালে আৰু আনটো বাওঁফালে৷এটা বৃক্কত প্ৰায় ২ নিযুত নেফ্ৰন থাকে৷ নেফ্ৰনৰ ভিতৰত থকা কেপলাৰীগ্ৰমেৰুলৰ নেটৱৰ্কে ফিল্টাৰৰ কাম কৰে৷মানুহৰ তেজ এই কেপলাৰীৰ গ্ৰমেৰুলাইদি গৈ পৰিষ্কাৰ হয় আৰু Bowthan স্পেচত থূপ খায়৷ইয়াৰ প্ৰয়োজনীয় উপাদান সমূহ যেনে প্ৰ’টিন .গ্লুক’জ ফছফেট ইউৰিয়া ,ক্ৰিয়েটিন আদি দেহে শোষণ কৰে আৰু অপ্ৰয়োজনীয় খিনি প্ৰসাৱত ওলাই যায়৷কিন্তু এই প্ৰক্ৰিয়া যদি নিয়মিত বা অধিক ভাৱে নহয় তেন্তে সেই অলাগতিয়াল বস্তুখিনি শৰীৰত থাকি গ’লে বিভিন্ন ৰোগে দেখা দিব পাৰে৷
শৰীৰৰ কিছুমান ৰোগ প্ৰসাৱৰ ৰঙৰ পৰা ধৰা পেলাব পাৰি ৷ যেনে হালধীয়া হ’লে জণ্ডিছ,ৰঙা তেজ বাহিৰ হ’লে যৌন সংক্ৰমণ আদি ধৰা পেলাব পাৰি৷
বৃক্ক বিকল হোৱাৰ মূল কাৰণ সমূহ হ’ল:-
- বহুমূত্ৰ
- উচ্চ ৰক্তচাপ
- যকৃত ৰোগ
- টিউমাৰ বা টেমুনা
- বৃক্কৰ পাথৰ
- সংক্ৰমণৰ দ্বাৰা
- ঔষধ প্ৰয়োগৰ ফলত
- দেহত পানীৰ অভাৱ
বৃক্ক ভালে ৰকাৰ কেইটামান উপায়:-
- দৈনিক অতি কমেও ৪ৰ পৰা ৫ লিটাৰ পৰিষ্কাৰ ঠাণ্ডা পানী বা পনীয়া বস্তু সেৱন কৰিলে বৃক্ক ভালে থাকে৷
- পাতে গজা বা দুপৰ টেঙাৰ ৩বা ৪টা পাত পানীৰে ধুই চোবাই খালে বা পাতৰ ৰস উলিয়াই সপ্তাহত অন্ততঃ দুদিন খাব লাগে৷
- অতি টান বস্তু ব্যৱহাৰ কৰিব নালাগে