অহা ৩০ নৱেম্বৰত বহু প্ৰত্যাশিত যোৰহাট- মাজুলীৰ দলঙৰ পাইলিঙৰ শুভাৰম্ভ হ’ব। এইকথা ঘোষণা কৰে মাজুলীৰ ৰাস মহোৎসৱত অংশগ্ৰহণ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই।
মাজুলীৰ বালি জকাইবোৱাত জল সম্পদ বিভাগৰ খহনীয়া প্ৰতিৰোধ প্ৰকল্প শুভাৰম্ভ কৰাৰ সময়ত এই কথা ঘোষণা কৰে। যদি কভিদ ১৯ দৰে কোনো প্ৰাকৃতিক সমস্যাই দেখা নিদিয়ে, তেন্তে অনাগত চাৰি বছৰৰ ভিতৰতে যোৰহাট মাজুলী সংযোগী দলঙখনৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হৈ উঠিব বুলি উল্লেখ কৰে।
যোৱা ছেপ্তেম্বৰ মাহত ফেৰী দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোৱা বীমাযুক্ত বাহনসমূহৰ ক্ষতিৰ পৰিমাণ বীমা কোম্পানীসমূহক আদায় দিবলৈ অনুৰোধ জনায়। যিসকল লোকৰ বাহনসমূহৰ বীমা কৰোৱা নাছিল তেওঁলোকৰ তথ্যসমূহ সংগ্ৰহ কৰি ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে।
উল্লেখযোগ্য যে যোৱা ৮ ছেপ্তেম্বৰ তাৰিখে নিমাতী মাজুলী সংযোগী শোকাবহ ফেৰী দুৰ্ঘটনাত বহু জন, অৰ্থ হানি হৈছিল। দলঙৰ অভাৱৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছিল। বহু দল সংগঠনৰ লগতে সাধাৰণ ৰাইজৰ প্ৰতিবাদ আৰু দলঙৰ বাবে জনোৱা দাবীৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰস্তাৱিত দলঙৰ কাম সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰিছিল।
অৱশেষত ৩০ নৱেম্বৰ তাৰিখে শুভাৰম্ভ হ’ব। মাজুলীবাসীৰ বাবে এক ডাঙৰ সকাহ কঢ়িয়াই আনিব বুলি তেওঁলোক আশাবাদী।