শিক্ষক- শিক্ষয়িত্ৰীসকলৰ বাবে সুখবৰ। শিক্ষকসকলৰ বদলি সন্দৰ্ভত অৱশেষত শিক্ষা বিভাগে গ্ৰহণ কৰিলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অহা ২২ নৱেম্বৰ তাৰিখে শিক্ষা বিভাগে এক অনলাইন পৰ্টেল মুকলি কৰিব।
শিক্ষা বিভাগে মুকলি কৰিবলগীয়া পৰ্টেলৰ যোগেদি শিক্ষক শিক্ষয়িত্ৰীসকলে বদলিৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব। এই সন্দৰ্ভত অসম সৰ্ব শিক্ষা অভিযান মিছনে সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া, জিলা মিছন সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰিছে। অসম প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়, শিক্ষকৰ নিযুক্তি আৰু বদলি আইন ২০২০ অনুসৰি অনলাইন যোগে শিক্ষক বদলিকৰণৰ ব্যৱস্থা কৰা হৈছে।
অনলাইন পৰ্টেলটোত শিক্ষকসকলে পঞ্জীয়ন কৰিব পাৰিব। এই সন্দৰ্ভত শিক্ষা বিভাগে আজি বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে।
শিক্ষা বিভাগৰ এই পদক্ষেপে শিক্ষকসকলৰ বদলিকৰণৰ বাবে কৰিবলগীয়া কষ্ট কিছু লাঘৱ হ’ব বুলি আশা কৰা হৈছে।