অহা ২ ডিচেম্বৰ তাৰিখে অসম দিৱসৰ সৈতে সামঞ্জস্য ৰাখি অসম চৰকাৰে তিনি সৰ্বোচ্চ সন্মান প্ৰদান কৰাৰ কথা নিশ্চিত কৰিছে। এই সন্দৰ্ভত জিলা উপায়ুক্তসকললৈ নিৰ্দেশনা জাৰি কৰিছে। অহা ২৫ নৱেম্বৰৰ ভিতৰত প্ৰস্তাৱ দাখিলৰ বাবে আহ্বান জনাইছে।
এইবাৰ প্ৰথমবাৰৰ বাবে অসম চৰকাৰে প্ৰথমবাৰৰ বাবে প্ৰদান কৰিব তিনি অসামৰিক সন্মান। সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিশেষ সেৱা আগবঢ়োৱা লোকসকলৰ মাজৰ পৰা নিৰ্বাচিত যোগ্য লোকক অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰদান কৰা হ’ব।
এজন বিশিষ্ট ব্যক্তিক অসম বৈভৱ বঁটা প্ৰদান কৰা হ’ব। বঁটাত থাকিব এখন প্ৰশংসা পত্ৰ, পদক আৰু নগদ ৫ লাখ টকা।
আনহাতে ৩ জন লোকলৈ আগবঢ়োৱা হ’ব অসম সৌৰভ বঁটা। এই বঁটাত আছে নগদ ৩ লাখ টকা, পদক আৰু প্ৰশংসা পত্ৰ।
অসম গৌৰৱ সন্মান ১৫ জন লোকলৈ আগবঢ়োৱা হ’ব। এই বঁটাত থাকিব নগদ ১ লাখ টকা, পদক আৰু প্ৰশংসা পত্ৰ।
ভাৰত চৰকাৰৰ পদ্ম বঁটাৰ আৰ্হিত প্ৰদান কৰিবলগীয়া অসম চৰকাৰৰ সৰ্বোচ্চ সন্মান লাভ কৰা প্ৰতিজন ব্যক্তিয়ে চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া চিকিৎসাৰ সুবিধা, ৰাজ্যিক পৰিবহণ নিগমৰ বাছত বিনামূলীয়া ভ্ৰমণৰ সুবিধা, আবৰ্ত ভৱন আৰু অসম ভৱনত থকাৰ বিনামূলীয়া সুবিধা লাভ কৰিব।