কোনো চৰকাৰী আঁচনিত আপুনি যদি বিনিয়োগ কৰিব বিচাৰিছে অথবা বৃদ্ধ কালৰ বাবে মোদী চৰকাৰে প্ৰবৰ্তন কৰা কোনো আঁচনিৰ সন্ধান কৰি আছে নেকি? তেনেহলে আপোনাক জনাব বিচাৰিছোঁ এখন বিশেষ আঁচনিৰ বিষয়ে। এই আঁচনিৰ অধীনত বিনিয়োগ কৰি পতি-পত্নীয়ে মাহিলী দহ হেজাৰ পর্যন্ত উপাৰ্জন কৰিব পাৰে।বিশেষ এই আঁচনিখনৰ নাম হৈছে অটল পেঞ্চন যোজনা।
অটল পেঞ্চন যোজনা হৈছে মোদী চৰকাৰৰ অন্যতম জনপ্ৰিয় আঁচনি।যত নাগৰিক সকলক প্ৰতি মাহত এহেজাৰৰ পৰা পাঁচ হেজাৰ পৰ্যন্ত প্ৰদান কৰা হয়। স্বামী আৰু পত্নীয়ে একেলগে আবেদন কৰিলে তেওঁলোকে দহ হেজাৰ পৰ্যন্ত ধন লাভ কৰিব।পেঞ্চন কোষ নিয়ামক আৰু বিকাশ প্ৰাধিকৰণে প্ৰকাশ কৰা অনুসৰি স্বামী আৰু পত্নীয়ে প্ৰত্যেকেই মাহিলী পাঁচ হেজাৰকৈ পেঞ্চনৰ বাবে আবেদন কৰিব পাৰে।
এই আঁচনিৰ বাবে নাগৰিক সকলে প্ৰতি মাহে জমা দিব লাগিব কিস্তি।যদি আবেদনকাৰীৰ বয়স ১৮বছৰ তেনেহলে প্ৰতি মাহে ২১০টকাৰ কিস্তি জমা দিব লাগিব।তিনি মাহত দিলে এই কিস্তিৰ পৰিমাণ হ’ব ৬২৬ টকা।ছয় মাহৰ মূৰে মূৰে এই কিস্তি জমা দিলে ধনৰ পৰিমান হ’ব ১,২৩৯টকা।প্ৰতি মাহে এহেজাৰ টকা লাভ কৰিবলৈ হ’লে ১৮বছৰ বয়সৰ ব্যক্তিয়ে মাত্ৰ ৪২টকা কিস্তি হিচাপে জমা দিব লাগিব।
যদি কিস্তি জমাকাৰীৰ ৬০বছৰ বয়সৰ পূৰ্বে মৃত্যু ঘটে তেনেহলে পেঞ্চন যোজনাৰ ধন তেওঁৰ পত্নীক প্ৰদান কৰা হ’ব।স্বামী আৰু পত্নী দুয়োগৰাকীৰ মৃত্যু হ’লে পেঞ্চনৰ ধনৰাশি তেওঁলোকে নিৰ্ধাৰণ কৰা ব্যক্তিক প্ৰদান কৰা হ’ব।
অটল পেঞ্চন যোজনাৰ জানিবলগীয়া কেইটিমান কথা
* এই আচঁনিত আপুনি মহিলী, তিনিমাহত অথবা ছমাহত কিস্তি জমা দিব পাৰে
*৪২বছৰ বয়সলৈকে বিনিয়োগ কৰিব লাগিব
*৪২বছৰত মুঠ ১.০৪লাখ টকা বিনিয়োগ কৰিব লাগিব
৬০বছৰৰ পাছত মাহিলী ৫০০০টকাকৈ লাভ কৰিব।আয়কৰৰ ৮০চি চি ডিৰ অধীনত কৰ ৰেহাই দিয়া হয়
*এজন সদস্যৰ নামত এটা একাউণ্টহে খুলিব পাৰিব
*বেংকৰ জৰিয়তে এই আঁচনিৰ একাউণ্ট আপুনি খুলিব পাৰে
*প্ৰথম ৫বছৰলৈ চৰকাৰেও আপোনাৰ বাবে কিস্তি প্রদান কৰিব