তিনি কৃষি আইন বাতিল কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ পাছতো প্ৰতিবাদস্থলীৰ পৰা আঁতৰি যোৱা নাই কৃষকসকল ৷ সদনৰ মাজিয়াত তিনিওখন আইন বাতিল হ’লেহে প্ৰতিবাদস্থলীৰ পৰা আঁতৰি যাব বুলি ঘোষণা কৰা কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত নতুনকৈ কেইবাটাও দাবী উত্থাপন কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰা এখন পত্ৰত প্ৰতিবাদী কৃষকসকলে ন্যুনতম সমর্থিত মুল্য অর্থাৎ এম এছ পিৰ আইনগত নিশ্চয়তা প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে ৷ সিংঘু সীমান্তৰ প্ৰতিবাদস্থলীত এখন সংবাদমেলত সংযুক্ত কিষান মর্চাৰ নেতৃবৃন্দই কয় যে কৃষক সংগঠনসমুহে তেওঁলোকৰ পুর্ব নির্ধাৰিত কার্যসুচী অনুসৰি প্ৰতিবাদী কার্যসূচী অব্যাহত ৰাখিব ৷ ইয়াৰ বাবে অহা ২৭ নবেম্বৰত এখন গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হ’ব ৷ আজি লক্ষ্ণৌত সংযুক্ত কিষান মর্চাই আহ্বান জনাইছে মহাপঞ্চায়তৰ ৷ কৃষক নেতা বলবীৰ সিং ৰাজেৱালে কয় , ‘আমি প্ৰধানমন্ত্ৰীলৈ লিখা মুকলি পত্ৰত কেইবাটাও দাবী উত্থাপন কৰিছো ৷ বিদ্যুৎ সংশোধনী বিধেয়কৰ বিষয়ে এই পত্ৰখনত বিশেষভাবে উল্লেখ কৰা হৈছে ৷ লখিমপুৰ খেৰি গোচৰটোৰ লগতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী উত্থাপন কৰা হৈছে ৷’ কৃষকসকলে তেওলোকৰ আন আন দাবীসমুহৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ ঘোষণা নকৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ পত্ৰখনত কৃষকসকলে এইদৰে উল্লেখ কৰিছে “প্ৰধানমন্ত্ৰী, আপুনি কৃষকসকলক প্ৰতিবাদস্থলীৰ পৰা আঁতৰি যাবলৈ আহ্বান জনাইছে ৷ আমি অপোনাক জনাব বিচাৰো যে ৰাজপথত আন্দোলন কৰাতো আমাৰ প্ৰিয় কাম নহয় ৷ আমিও বিচাৰো যে আমাৰ দাবীসমূহ সোনকালে পুৰণ হওক আৰু আমি পৰিয়ালৰ ওচৰলৈ ওভতি গৈ পুনৰ কৃষিকর্মত মানোনিবেশ কৰিব বিচাৰো ৷ আপুনিও যদি সেইটোৱে বিচাৰে তেনেহ’লে সংযুক্ত কিষান মর্চাৰ সৈতে ছয়টা দাবী সন্দর্ভত আলোচনা আৰম্ভ কৰিছে ৷”