কৃষি আইন বাতিলৰ পাছতে নাগৰিকত্ব সংশোধনী আইন (কা) আৰু ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এন আৰ চি ) বাতিল কৰিবলৈ এইবাৰ দাবী উত্থাপন হৈছে ৷ এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে এইবাৰ ‘কা’ আৰু এন আৰ চি বাতিল কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দাবী জনাইছে ৷ উত্তৰ প্ৰদেশৰ বৰবাংকিত এখন সভা সম্বোধন কৰি ওৱেইছিয়ে এই দাবী উত্থাপন কৰে ৷ এই দাবী পুৰণ নহ’লে শীঘ্ৰে তীব্ৰ আন্দোলন কৰিব বুলিও হুংকাৰ দিছে সাংসদজনে ৷ ‘কা’ বাতিলৰ দাবীৰে উত্তৰ প্ৰদেশৰ ৰাজপথত অন্দোলন কৰাৰ লগতে ৰাজ্যখনত আন এখন শ্বাহীনবাগৰ সৃষ্টি কৰিব বুলিও তেওঁ সকীয়াই দিয়ে ৷ এই প্ৰসংগত তেওঁ কয় ‘ ৰাষ্ট্ৰীয় জনসংখ্যা নীতি আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰণয়নৰ বাবে আইন প্ৰণয়ন হ’লে আমি পুনৰ ৰাজপথলৈ ওলাই আহিম ৷ইয়াতো আন এখন শ্বাহীনবাগৰ সৃষ্টি হ’ব ৷ মই নিজেই প্ৰতিবাদলৈ আহিম৷ কৃ্ষকসকলে চৰকাৰক বিশ্বাস নকৰে৷ যাৰ বাবে সংসদত আইন বাতিল হলেহে তেওলোক আতৰি যাব বুলি প্ৰকাশ কৰিছে ৷’ উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ বিধানসভাৰ নির্বাচনত ৪০৩ খন আসনৰ ভিতৰত ১০০ খন আসনত প্ৰতিদন্দিতা কাৰিব বুলি ঘোষণা কৰিছে এ আই এম আই এমে ৷