১২ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত বন্ধ্যাকৰণ পষেক আৰম্ভ হৈছে। সুস্থ সমাজ প্ৰতিষ্ঠাৰ বাবে পৰিয়াল পৰিকল্পনাত পুৰুষৰ সক্ৰিয় অংশ গ্ৰহণৰ বাবে বন্ধ্যাকৰণত উদগণি যোগাবলৈ এই ব্যৱস্থা কৰা হৈছে।
পুৰুষৰ জন্ম নিয়ন্ত্ৰণ কৰিবলৈ অত্যাধুনিক চিকিৎসা শৈলীৰ ব্যৱস্থা কৰিছে। বন্ধ্যাকৰণ ব্যৱস্থা গ্ৰহণ কৰাসকললৈ চৰকাৰে ৩০০০ টকাৰ মাননি আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে। উৎসাহ যোগাৱাসকলকো ৪০০ টকাৰ মাননি প্ৰদান কৰি ধন্যবাদ জ্ঞাপন কৰা হয়।
সুস্থ সমাজ গঠনৰ বাবে জনসংখ্যাৰ নিয়ন্ত্ৰণ কৰাটো অতি জৰুৰী। ঘৰুৱা সমস্যাৰ পৰা মুক্ত সৰু পৰিয়ালসমূহৰহে দেশৰ বিকাশত বৰঙণি আগবঢ়াই নিবলৈ সাধাৰণতে সুবিধা হয়। অধিক সন্তান থকা দৰিদ্ৰ পৰিয়ালত অন্ন বস্ত্ৰ বাসস্থানৰ বাবে নিতৌ সংগ্ৰাম কৰিবলগীয়া হয়। ফলত দেশৰ উন্নয়ন স্থৱিৰ হৈ পৰে।
জন্ম নিয়ন্ত্ৰণৰ মহিলাৰ বাবে উপলব্ধ পদ্ধতিসমূহ মহিলাৰ স্বাস্থ্যৰ বাবেই হানিকাৰক। অত্যাধিক জন্ম নিয়ন্ত্ৰণৰ সামগ্ৰী ব্যৱহাৰৰ ফলত মহিলাৰ স্বাস্থ্যৰ হানি হয়। ফলত পুৰুষৰ দ্বাৰা জন্ম নিয়ন্ত্ৰণ অধিক ফলপ্ৰসু আৰু সুৰক্ষিত বুলি গণ্য কৰা হয়। বন্ধ্যাকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা এটি বা দুটি সন্তান জন্ম দিয়া পিতৃয়ে সুস্থ পৰিয়াল আৰু সমাজ গঠনত বৰঙণি যোগোৱাৰ লগতে জীৱন সংগীৰ স্বাস্থ্য ৰক্ষা কৰিব পাৰে।
পুৰুষৰ বন্ধ্যাকৰণৰ ওপৰত কৰা চৰ্চাৰ দ্বাৰা পুৰুষসকলক উৎসাহিত কৰাৰ লগত সামাজিক ধাৰণাও কিছু সলনি হ’ব বুলি আমি আশা কৰিব পাৰোঁ।