আজি জি এম ছি এইছ প্ৰেক্ষাগৃহত অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই এখনি সংবাদ মেলত ভাগ লৈ এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
এতিয়াৰে পৰা জি এম ছি এইছ হস্পিতালত পুৱা ৮ বজাৰ নিশা ১০ বজালৈ এম আৰ আই, চিটি স্কেন, এক্সৰে আদিৰ ব্যৱস্থা উপলব্ধ থাকিব। পূৰ্বতে এই সুবিধা বিয়লি ৩ বজালৈ উপলব্ধ আছিল।
আনহাতে জি এম চি এইছৰ বহি: বিভাগ এতিয়াৰে পৰা নিশা ১০ বজালৈ মুকলি থাকিব। ৰোগীৰ সুবিধাৰ্থে এতিয়াৰে পৰা অনলাইন সেৱাও আগবঢ়োৱা হ’ব। দূৰণিবটীয়া ৰোগীয়ে অনলাইন যোগে জি এম চি এইচৰ অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব।
প্ৰথমতে জি এম ছি এইছৰ পৰা এই সুবিধাসমূহ আৰম্ভ হ’ব। পিছলৈ অন্য মেডিকেল কলেজসমূহতো এই সকলো সুবিধা প্ৰদান কৰা হ’ব বুলি স্বাস্থ্য মন্ত্ৰীজনে ভাষণত উল্লেখ কৰে। সাম্প্ৰতিক কভিদ পৰিস্থিতিৰ ওপৰতো আজিৰ সংবাদ মেলত আলোচনা কৰা হয়।
স্বাস্থ্য বিভাগৰ এই পদক্ষেপে সাধাৰণ জনগণৰ বাবে যথেষ্ট সহায়ক হ’ব বুলি ধাৰণা কৰিব পাৰি।