পুৰাতন স্থাপত্য ভাস্কৰ্যৰে সমৃদ্ধ উষা অনিৰুদ্ধৰ প্ৰেম কাহিনীৰে উজ্জীৱিত চহৰ তেজপুৰ।অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনত ভোটাতৰাৰ দৰে জিলিকি থকা চহৰ হৈছে তেজপুৰ। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে মহান অসমীয়াৰ সৃষ্টিৰ পথাৰ ঐতিহাসিক এই চহৰ। বিনন্দীয়া পাহাৰ , নিজৰা , পুখুৰী নদী আদিৰ সৌন্দৰ্যৰে তেজপুৰক আৰু অধিক সৌন্দৰ্যময়ী কৰি তুলিছে । দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণীয় স্থান হিচাপে পৰিগণিত হৈছে প্ৰাচীন কীৰ্তিচিহ্ন আৰু ভগ্নাৱশেষ সমূহ।এই আকৰ্ষণীয় স্থান সমূহ হ’ল—–
অগ্নিগড় পাহাৰ :-
বান ৰজাৰ জীয়ৰী ঊষাক সুৰক্ষা দিয়াৰ উদ্দেশ্যৰে ব্ৰহ্মপুত্ৰৰ কাষতে গড় নিৰ্মাণ কৰা হৈছিল।চৌপাশে জুই জ্বলাই ৰখা হৈছিল বাবে ইয়াক অগ্নিগড় বোলা হয়। অগ্নিগড়ত আজিও ভাস্কৰ্য খোদিত ভগ্নাৱশেষ সিঁচৰিত হৈ আছে। বান ৰজাই ঊষাক পূজা-অৰ্চনা কৰিবৰ বাবে অগ্নিগড়ৰ ভিতৰতে ভৈৰৱ মন্দিৰ নিৰ্মাণ কৰাই দিছিল।
বামুণী পাহাৰ :-
বামুণী পাহাৰত শিৱ আৰু বিষ্ণু মন্দিৰৰ ভগ্নাৱশেষ আছে। ইয়াত শিলৰ টুকুৰাৰে কেইটামান সৰু -ডাঙৰ মন্দিৰ সজা হৈছে।ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত বামুণী পাহাৰত বিভিন্ন ভাস্কৰ্য খোদিত শিল আৰু বৃহৎ আকৃতিৰ মন্দিৰৰ ধ্বংসাৱশেষ আছে।
মহাভৈৰৱ মন্দিৰ :-
ভাৰতৰ দ্বিতীয় শিৱলিঙ্গ খ্যাত মন্দিৰ হিচাপে মহাভৈৰৱ মন্দিৰ তেজপুৰত অৱস্থিত। প্ৰতিদিনে অগনন ভক্তৰ সমাগম হয়।শিৱৰাত্ৰিৰ সময়ত মহাভৈৰৱ মন্দিৰত বহু জাক -জমকতাৰে পূজা অৰ্চনা কৰা হয়। বিভিন্ন দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ মহাভৈৰৱ মন্দিৰ।
ভৈৰৱী মন্দিৰ:-
বামুণী পাহাৰৰ কাষতে ভৈৰৱী মন্দিৰ অৱস্থিত। শাক্ত মন্দিৰটো বাণ ৰজাৰ দিনতে নিৰ্মাণ কৰা হৈছিল। এই মন্দিৰটোতে ঊষাই পাৰ্বতীক আৰাধনা কৰি অনিৰুদ্ধক লাভ কৰাৰ প্ৰবাদ আছে।
হজৰা পুখুৰী:-
শালস্তম্ভ বংশৰ ৰজা হৰ্জৰ বৰ্মনে এই পুখুৰী খন্দাোৱাইছিল। ইয়াৰ পাৰ সমূহ গড়ৰ দৰে ওখ ।পুখুৰীৰ সৌন্দৰ্য আৰু ইতিহাস পৰ্যটকৰ আকৰ্ষণৰ উৎস।
ক’লীয়া ভোমোৰা দলং:-
ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত ক’লীয়া ভোমোৰা দলঙৰ পৰা দেখিবলৈ পোৱা লুইতৰ বুকুত সূৰ্যোদয় আৰু সূৰ্যাস্ত অতি মনোৰম।
দ-পৰ্বতীয়া :-
তেজপুৰৰ দ-পৰ্বতীয়াত অসমৰ সকলোতকৈ প্ৰাচীন স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শণ পোৱা যায় ।
পৰ্যটনৰ অন্যতম আকর্ষণস্থলী, প্ৰাকৃতিক সৌন্দৰ্য্যৰ ৰাণী তেজপুৰে ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলাই তুলিছে অসমক। উত্তৰ পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰৰ খিতাপ লাভ কৰিছে চহৰখনে।ভাৰত চৰকাৰৰ আবাসিক আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ স্বচ্ছ ভাৰত অভিযানৰ অধীনত সম্পন্ন কৰা’ সচ্ছে সৰ্বেক্ষন সমীক্ষা’ত উত্তৰ পূব মণ্ডলৰ ভিতৰত এই সন্মান লাভ কৰিছে তেজপুৰে। ৫০ হেজাৰৰ পৰা ১লাখ জনবসতি পূৰ্ণ নগৰৰ শিতানত তেজপুৰেএই সন্মান লাভ কৰি কেৱল তেজপুৰবাসীকেই নহয় সমগ্ৰ অসমবাসীকে গৌৰৱান্বিত কৰি তুলিছে ৷