উচ্চ ৰক্তচাপ প্ৰকৃতাৰ্থত ৰোগ নহয় ৷ কিন্তু বিভিন্ন চিন্তা আৰু আহাৰৰ বাবেই আমাৰ দেহত তেজ চলাচলৰ যি প্ৰক্ৰিয়া তাৰ তাৰতম্য ঘটে আৰু কেতিয়াবা মানুহৰ দেহত নিম্নৰক্তচাপ আৰু কেতিয়াবা উচ্চৰক্তচাপ হোৱা পৰিলক্ষিত হয়৷
কিছুমান খাদ্যাভাসে মানুহৰ দেহত উচ্চৰক্তচাপৰ সৃষ্টি কৰে ৷ সেয়েহে আহকচোন আজি আলোচনা কৰোঁ উচ্চ ৰক্তচাপত কি খাব লাগে আৰু কোনবোৰ বস্তু খালে উচ্চৰক্তচাপত ভোগা মানুহৰ অপকাৰ হ’ব পাৰে
- দৈনিক আঠ দহটাকৈ আমলখি,টেঙেচি টেঙা মিছিৰিৰ লগত খাব লাগে
- নিয়মিয়াকৈ ১০ফুটাকৈ নহৰু খালে উচ্চ ৰক্তচাপৰ পৰা উপশম পাব পাৰি
- উচ্চ ৰক্তচাপত চজিনাৰ পাত উপকাৰী
- তুলসীৰ লগত কেঁচা হালধিৰ ৰস দিনে ৮ চামুচ কৰি খালে উচ্চ ৰক্তচাপৰ পৰা উপশম পাব পাৰি
- সৰ্পগন্ধাৰ শিপাৰ ৰস দৈনিক ১৫গ্ৰামকৈ একেৰাহে ২০/২৫ দিন খালে উচ্চ ৰক্তচাপ কম হয়
- পলাশৰ সিৰাৰ ৰসো উচ্চ ৰক্তচাপত ভোগা লোকৰ বাবে যথেষ্ট উপকাৰী
- আম,মধুৰিআম,মাটিকঁঠাল,বিলাহী,নাচপতি,সুমথিৰা টেঙা আদি উচ্চৰক্তচাপৰ সুপথ্য
- তেঁতেলী,থেকেৰা,গোলনেমু,কাজিনেমু,পালেং শাক আহাৰৰ লগত খালে উচ্চৰক্তচাপত সুফল পোৱা যায়
উচ্চৰক্তচাপত অপথ্য:-
- পিঁয়াজ ,কঁঠাল,পনৌনৌৱা,নিমখ,ভজা মাছ,দাইল,কণী,মাংস,ভজা আলু,উৰহী,চালগোম,জলকীয়া,কল,মূলা,সৰিয়হ,আপেল,তৰমুজ,বাদাম,তিতা কেৰেলা,আৰু যিকোনো তিতা দ্ৰব্য ,পালেংশাক,বন্ধা কবি,আইচক্ৰীম,গাহৰি মাংস,তিয়ঁহ,মটৰ মাহ,বেকিং পাউদাৰ দিয়া বিস্কুট,কণীৰে বনোৱা বিস্কুট ,খেজুৰ ,বেঙেনা,ঘিউ,তেল আদি খালে ৰক্তচাপ বৃদ্ধি হয়৷ সেয়েহে এইবোৰ খোৱাৰ পৰা পৰাপক্ষত বিৰত থাকিব লাগে৷
- অত্যন্ত দুখ বা চিন্তা কৰি থাকিব নালাগে৷
- কথা কমকৈ ক’ব লাগে
- উত্তেজক বা গৰম বস্তু পৰিত্যাগ কৰিব লাগে