অসমৰ এজন আগশাৰীৰ সাঁতোৰবিদ এলভিছ আলি হাজৰিকাই আৰৱ সাগৰত সাঁতুৰি গঢ়িলে বিশ্ব অভিলেখ৷ মহাৰাষ্ট্ৰৰ ধৰমতাৰ জেট্টিৰ পৰা মুম্বাইৰ গে’টৱে অৱ ইণ্ডিয়ালৈ সাঁতুৰিছিল এলভিছে৷ ১০ ঘণ্টাত ৩৯ কিল’মিটাৰ জলপথ অতিক্ৰম কৰি অসমৰ সুযোগ্য সন্তান অসমৰ গৌৰৱ এলভিছ আলি হাজৰিকাই এই অভিলেখ গঢ়িবলৈ সক্ষম হয়৷ সাঁতুৰি এই সুদীৰ্ঘ জলপথ অতিক্ৰম কৰাৰ সময়ত নিশাৰ ভাগত আৰৱ সাগৰত বহু প্ৰত্যাহ্বানৰ সন্মূখীন হৈছিল বুলি সাঁতোৰবিদ এলভিছে জানিবলৈ দিয়ে৷