ৰাজ্যত অপৰাধজনিত ঘটনা নির্মূল কৰিবলৈ কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ অসম আৰক্ষীক নির্দেশ দিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ আৰক্ষী থানাসমুহত এজাহাৰ পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত কেতবোৰ নির্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ এই ক্ষেত্ৰত ললিতা কুমাৰীৰ গোচৰত উচ্চতম ন্যায়ালয়ে দিয়া নির্দেশাৱলী পালন কৰিবলৈ নির্দেশ দিয়া হৈছে ৷ ললিতা কুমাৰীৰ গোচৰত কি নর্দেশ দিছিল উচ্চতম ন্যায়ালয়ে, আপুনি জানেনে ?
ললিতা কুমাৰী বনাম উত্তৰ প্ৰদেশ চৰকাৰ (লেখ আবেদন (ক্ৰিমিনেল) ৬৮/২০০৮),এই গোচৰটোত উচ্চতম ন্যায়ালয়ৰ এখন সাংবিধানিক বিচাৰপীঠে প্ৰকাশ কৰিছিল যে যদিহে সদৰী কৰা তথ্যসমুহে গ্ৰহণযোগ্য অপৰাধ সংঘটিত কৰাটো নিশ্চিত কৰে তেনহ’লে ফৌজদাৰী বিধিৰ ১৫৪ ধাৰাৰ অধীনত এজাহাৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক ৷ এনে পৰিস্থিতিত প্ৰাথমিক অনুসন্ধানৰ প্ৰয়োজনীয়তা নাই ৷ আনহাতে, লাভ কৰা তথ্যসমূহে যদি গ্ৰহণযোগ্য অপৰাধ হোৱাটো নিশ্চিত নকৰে, কিন্তু এটা তদন্তৰ প্ৰয়োজনীয়তাৰ ইংগিত প্ৰদান কৰে তেনেহ’লে এটা প্ৰাথমিক তদন্ত কৰিব পাৰে ৷ গ্ৰহণযোগ্য অপৰাধ সংঘটিত হৈছেনে নাই সেয়া নিশ্চিত কৰিবৰ বাবে এই প্ৰথমিক তদন্ত কৰিব পাৰে ৷
এজাহাৰ পঞ্জীয়নৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নির্দেশাৱলীসমূহ এনেধৰণৰ –
১) যদিহে সদৰী কৰা তথ্যসমুহে গ্ৰহণযোগ্য অপৰাধ সংঘটিত কৰাটো নিশ্চিত কৰে তেনহ’লে ফৌজদাৰী বিধিৰ ১৫৪ ধাৰাৰ অধীনত এজাহাৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক ৷ এনে পৰিস্থিতিত প্ৰাথমিক অনুসন্ধানৰ প্ৰয়োজনীয়তা নাই ৷
২) লাভ কৰা তথ্যসমূহে যদি গ্ৰহণযোগ্য অপৰাধ হোৱাটো নিশ্চিত নকৰে, কিন্তু এটা তদন্তৰ প্ৰয়োজনীয়তাৰ ইংগিত প্ৰদান কৰে তেনেহ’লে এটা প্ৰাথমিক তদন্ত কৰিব পাৰে ৷ গ্ৰহণযোগ্য অপৰাধ সংঘটিত হৈছেনে নাই সেয়া নিশ্চিত কৰিবৰ বাবে এই প্ৰথমিক তদন্ত কৰিব পাৰে ৷
৩)তদন্তত গ্ৰহণযোগ্য অপৰাধ হোৱাটো নিশ্চিত হ’লে এজাহাৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক ৷ যদিহে অভিযোগ প্ৰাথমিক অনুসন্ধানৰ পাছত সমাপ্ত কৰা হয় তেনেহ’লে ইয়াৰ প্ৰতিলিপি প্ৰথম তথ্যযোগানকাৰীক অতি শীঘ্ৰে প্ৰদান কৰিব লাগে ৷ এসপ্তাহৰ ভিতৰতে প্ৰথম তথ্যযোগানকাৰীক প্ৰতিলিপি প্ৰদান কৰিব লাগে ৷কিয় তেওঁৰ তথ্যৰ ভিত্তিত অধিক তদন্ত কৰা নহ’ব আৰু কিয় তদন্ত সমাপ্ত কৰা হ’ল সেই বিষয়ে প্ৰতিলিপিত চমুকৈ উল্লেখ কৰিব লাগে তদন্তকাৰীয়ে ৷
৪) গ্ৰহণযোগ্য অপৰাধ সংঘটিত হোৱাতো নিশ্চিত হ’লে এজন আৰক্ষী বিষয়াই গোচৰ পঞ্জীয়ন কৰাৰ কর্তব্য কেতিয়াও আওকান কৰিব নোৱাৰে ৷গ্ৰহণযোগ্য অপৰাধ সংঘটিত হোৱাৰ তথ্য লাভ কৰাৰ পাছতো এজাহাৰ পঞ্জীয়ন নকৰা বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷
৫) সত্যতা অথবা লাভ কৰা তথ্যৰ পৰীক্ষা কৰাটোৱেই প্ৰাথমিক অনুসন্ধানৰ কাম নহয়, বৰঞ্চ গ্ৰহণযোগ্য অপৰাধ হৈছেনে নে নাই,সেইতোহে নিশ্চিত কৰিব লাগে ৷
৬)কোনটো গোচৰত প্ৰাথমিক অনুসন্ধানৰ প্ৰয়োজনীয়তা আছে, সেয়া নির্ভৰ কৰিব প্ৰতিটো গোচৰৰ তথ্য আৰু পৰিস্থিতিৰ ওপৰত ৷ প্ৰাথমিক অনুসন্ধান কৰাৰ প্ৰয়োজনীয়তা থকা গোচৰসমূহ হৈছে এনেধৰণৰ –
ক)বৈবাহিক বিতর্ক/ পৰিয়ালকেন্দ্ৰিক বিতর্ক
খ) বাণিজ্যিক অপৰাধ
গ)চিকিৎসাজনিত অৱহেলাৰ গোচৰ
ঘ) দুর্নীতিৰ গোচৰ
ঙ) যিসমূহ গোচৰত ফৌজদাৰী মোকর্দমা আৰম্ভ কৰাত অস্বাভাৱিক বিলম্ব হয় সেই গোচৰসমূহত প্ৰাথমিক তদন্তৰ প্ৰয়োজন হয় ৷ উদাহৰণস্বৰূপে কোনো ঘটনাৰ বিষয়ে তিনি মাহতকৈয়ো অধিক সময়ৰ পাচত অভিযোগ দাখিল কৰি বিলম্ব হোৱাৰ সন্তোষজনক কাৰন বর্ণনা কৰিব নোৱাৰিলে প্ৰাথমিক তদন্তৰ বিষয়ে আৰক্ষীয়ে চিন্তা কৰিব পাৰে ৷ উক্ত বিষয়সমূহ কেবল বাখ্যামুলকহে ৷ তেনে সকলো পৰিস্থিতিতে প্ৰাথমিক তদন্তৰ প্ৰয়োজনীয়তা নহ’বও পাৰে ৷
৭) অভিযোগকাৰী আৰু অভিযুক্তৰ অধিকাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰাথমিক অনুসন্ধান সময় নির্দ্দিষ্ট ভাবে সম্পুর্ণ কৰিব লাগে ৷ যিকোনো গোচৰত এই তদন্তৰ সময় এসপ্তাহতকৈ অধিক হ’ব নালাগে ৷ তদন্তত বিলম্ব হ’লে তেনে বিলম্বৰ কাৰণ জেনেৰেল ডায়েৰীত অর্ন্তভুক্ত কৰিব লাগে ৷
৮) গ্ৰহণযোগ্য অপৰাধৰ ক্ষেত্ৰত সকলো তথ্য জেনেৰেল ডায়েৰী/ ষ্টেচন ডায়েৰী/ দৈনিক ডায়েৰীত লিপিবদ্ধ কাৰাটো বাধ্যতামুলক ৷ তদুপৰি প্ৰাথমিক তদন্ত কৰাৰ সিদ্ধান্তও এই ডায়েৰীসমুহত উল্লেখ থাকিব লাগিব ৷