হংকঙত নিজৰ স্থিতি অধিক স্পষ্ট কৰি তুলিবলৈ চীনে নতুন আইন বলবৎ কৰিছে। এতিয়াৰে পৰা হংকঙৰ স্কুল সমূহত চীনা পতাকা উত্তোলন কৰাটো বাধ্যতামূলক কৰিছে। অন্যথা স্কুল কৰ্তৃপক্ষক কঠোৰ শাস্তিৰ সন্মুখীন হ’ব বুলিও উল্লেখ কৰিছে।
চীনৰ পতাকাৰ উত্তোলনৰ দ্বাৰা হংকং এতিয়া সম্পূৰ্ণ ভাৱে যে চীনৰ অধীনত এই কথা সমগ্ৰ বিশ্ববাসীকে বুজাই দিছে।
১৯৯৭ চনৰ পিছৰ পৰা চীনৰ অধীনস্থ হংকঙে নিজা অৰ্থব্যৱস্থা, ভাষা আৰু প্ৰশাসন ব্যৱস্থাৰে পৰিচালিত হৈ আহিছে। শেহতীয়াকৈ চীনে হংকঙৰ ওপৰত নিজৰ সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰিবলৈ লৈছে।
হংকঙৰ স্কুলসমূহত চীনৰ পতাকা উত্তোলন কৰি ৰখাৰ উপৰিও সপ্তাহত এবাৰকৈ চীনৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাটো বাধ্যতামূলক কৰা হৈছে।
হংকঙকত স্থিত স্বেচ্ছাসেৱী সংগঠনসমূহৰ প্ৰতিও চীনা প্ৰশাসনে ভাবুকি আনিছে।
চীনৰ এনে স্থিতিত মুকলিমুৰীয়াকৈ জীৱন যাপন কৰি অহা হংকঙবাসী শংকিত হৈ পৰিছে।