দেশৰ প্ৰতিৰক্ষা আৰু অখণ্ডতা ৰক্ষাৰ প্ৰতি আগবঢ়োৱা বৰঙণিৰ বাবে অসম সন্তান লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ২০২০ বৰ্ষৰ উত্তম যুদ্ধ সেৱা পদক লাভ কৰে। ভাৰতীয় সেনাৰ ডিমাপুৰ স্থিত কুমাও ৰেজিমেণ্ট থ্ৰীৰ মুখ্য কাৰ্যালয়ত জি অ’ চি হিচাপে আগবঢ়োৱা সেৱাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰি সন্মান জনায়।
ৰঙিয়াৰ সন্তান ৰাণা প্ৰতাপ কলিতাই গোৱালপাৰাৰ সৈনিক স্কুলত শিক্ষা গ্ৰহণ কৰি সেনাবাহিনীত যোগদান কৰে। ৰাণা প্ৰতাপ কলিতা হৈছে কুমাও ৰেজিমেণ্ট থ্ৰী কৰৰ মূৰব্বী পদত থকা প্ৰথমজন অসমীয়া।
অসম সন্তান ৰাণা প্ৰতাপ কলিতাৰ কৃতিত্বত সমগ্ৰ অসমবাসী উৎফুল্লিত হৈ পৰিছে। ৰাণা প্ৰতাপ কলিতাৰ দ্বাৰা অনুপ্ৰাণিত হৈ অসমৰ সন্তান সৈনিক স্কুলত নামভৰ্তি কৰিবলৈ আগ্ৰহী হ’ব বুলি আশা কৰিব পাৰিব।
ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা প্ৰতিৰক্ষা বিভাগৰ এই অনুষ্ঠানতে উইং কামাণ্ডাৰ অভিনন্দনক বীৰ চক্ৰৰে সন্মানিত কৰা হয়। ইয়াৰ উপৰিও ২ জন বীৰ সেনাই কীৰ্তিচক্ৰ আৰু ১০ জনক শৌৰ্য্য চক্ৰ প্ৰদান কৰা হয়।