আজি অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম জয়ন্তী। ১৮৭১চনৰ আজিৰ দিনটোতে উত্তৰ লখিমপুৰৰ নকৰি গাঁৱত তেখেতৰ জন্ম হৈছিল। উত্তৰ লক্ষীমপুৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰু শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিক পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ ৰিপন কলেজত উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰে।
কলিকতাত অধ্যয়নৰত অৱস্থাতেই তেখেতে লক্ষ্মীনাথ বেজবৰুৱাকে প্ৰমুখ্য কৰি কেইবাজনো অসমীয়া ছাত্ৰৰ সৈতে সৈতে লগ হৈ অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা আৰু কহিমা সাহিত্য সভাৰ জন্ম দিছিল। পিছত অসমলৈ ঘূৰি আহি শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে।
১৯১৭ চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা কৰা হয়। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি হিচাপে পদ্মনাথ গোহাঞিবৰুৱাই দায়িত্ব গ্ৰহণ কৰে। ১৯১৮ চনত অসম সাহিত্য সভাৰ সম্পাদক হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে। সেই সময়ত সভাপতি আছিল চন্দ্ৰধৰ বৰুৱা।
পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ সাহিত্য জগতলৈ বৰঙণি অসীম। অসমীয়া ভাষাক গোহাঞিবৰুৱাৰ দৰে লোকসকলে প্ৰতিষ্ঠা কৰি থৈ গৈছে বুলি ক’লেও ভুল কোৱা নহ’ব। এওঁলোকৰ প্ৰচেষ্টাত অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষা হৈছিল।
কলিকতাত অধ্যয়নৰত অৱস্থাতেই জোনাকী, বিজুলী, আসাম বন্তি আদি আলোচনীত লেখা আৰম্ভ কৰিছিল। ঊষা আলোচনীৰ সম্পাদনা কৰিছিল।
জুৰণি, ফুলৰ চানেকি, লীলা কাব্য, পদ্মপাণি আদি তেওঁৰ দ্বাৰা ৰচিত কবিতা পুথি। ইয়াৰ উপৰিও জয়মতী, সাধনী, গদাধৰ, লাচিত বৰফুকন আদি নাটক ৰচনা কৰিছিল। তেখেতৰ প্ৰহসন ধৰ্মীয় নাটক আজিও সকলোৰে মুখে মুগে। গাওঁবুঢ়া, টেটোন তামুলী, ভূত নে ভ্ৰম এই তিনিখন আছিল প্ৰহসন ধৰ্মীয় নাটক। ইয়াৰ উপৰিও বাণৰজা নামেৰে এখন পৌৰাণিক নাটক ৰচনা কৰিছিল।
তেখেতৰ দ্বাৰা ৰচিত ভানুমতী হৈছে প্ৰথম সামাজিক উপন্যাস। তেওঁ অসম বুৰঞ্জীকে ধৰি কেইবাখনো বুৰঞ্জীমূলক গ্ৰন্থ ৰচনা কৰি থৈ গৈছে।
১৯০৬ চনত তেখেতক ব্ৰিটিছ চৰকাৰে ২৫ টকাৰ সাহিত্য পেঞ্চন প্ৰদান কৰি সন্মান জনাইছিল বুলি জানিবলৈ পোৱা যায়।
অসমীয়া সাহিত্য জগতলৈ পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ বৰঙণিৰ বাবে আমি সদায়েই তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। আজি জন্ম দিৱসত তেওঁক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ।